অসম

assam

তথ্য আৰু প্ৰযুক্তি খণ্ডত পাঁচ বছৰত 8.73 লাখ নতুন নিযুক্তিৰ সৃষ্টিঃ ৰবি শংকৰ

By

Published : Mar 22, 2019, 8:29 PM IST

তথ্য আৰু প্ৰযুক্তি খণ্ডত বিগত পাঁচ বছৰত 8.73 লাখ নতুন নিযুক্তিৰ সৃষ্টি কৰিলে ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰে কয় যে, দেশৰ আন্তঃগাথনি, পথ নিৰ্মাণ, আৰু অৰ্থনীতিৰ উত্তৰণৰ বাবে দেশে গোলকীয় অৰ্থনীতিৰ পৰিচয় লাভ কৰিছে ৷ যাৰ ফলত দেশত আৰু অধিক নিযুক্তিৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷

তথ্য আৰু প্ৰযুক্তি খণ্ডত বিগত পাঁচ বছৰত 8.73 লাখ নতুন নিযুক্তিৰ সৃষ্টি কৰিলেঃ ৰবি শংকৰ

নিউজ ডেস্ক,22 মাৰ্চঃতথ্য আৰু প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰপ্ৰসাদেবুধবাৰে ঘোষণাকৰে যে, তথ্য আৰু প্ৰযুক্তি খণ্ডত বিগত পাঁচ বছৰত 8.73 লাখ নতুন নিযুক্তিৰ সৃষ্টি কৰিলে ৷ উক্ত নিযুক্তিৰ ক্ষেত্ৰত তথ্য আৰু প্ৰযুক্তিৰ লগতে বিপিঅ' খণ্ডই অকলেই 2.18 লাখ নিযুক্তি 2014-15 বৰ্ষত, 2.03 লাখ নিযুক্তি, 2015-16 বৰ্ষত, 1.05 লাখ নিযুক্তি,2017-18 বৰ্ষত অৰু 2018-19 বৰ্ষত 1.72 লাখ নিযুক্তি প্ৰদান কৰা বুলি তথ্য প্ৰদান কৰে ৷ উক্ত তথ্য মন্ত্ৰীগৰাকীয়ে নাছকম( Nasscom)ৰ আধাৰত প্ৰদান কৰা বুলি উল্লেখ কৰে ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দেশৰ আন্তঃগাঠনি, পথ নিৰ্মাণ, আৰু অৰ্থনীতিৰ উত্তৰণৰ বাবে দেশে গোলকীয় অৰ্থনীতিৰ পৰিচয় লাভ কৰিছে ৷ যাৰ ফলত দেশত আৰু অধিক নিযুক্তিৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷ লগতে তেওঁ কয় যে, 6.7 লাখ পদবী ইলেক্ট্ৰনিক খণ্ডই সৃষ্টি কৰিছে ৷

ABOUT THE AUTHOR

...view details