অসম

assam

প্ৰকাশন গোষ্ঠীৰ অতিৰিক্ত কৰ উঠাই ল'বলৈ চৰকাৰক আহ্বান

By

Published : Jul 9, 2019, 9:09 PM IST

ভাৰতবৰ্ষত বাতৰি কাকত প্ৰকাশক সংস্থা সমূহে লোকচানৰ সন্মুখীন হৈ আহিছে ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশন গোষ্ঠীক মাধমাৰ শোধাই জাপি দিছে অতিৰিক্ত 10 শতাংশ শুল্ক ৷ এই অতিৰিক্ত কৰ উঠাই ল'বলৈ চৰকাৰক আহ্বান INS ৰ ৷

প্ৰকাশন গোষ্ঠীৰ অতিৰিক্ত কৰ উঠাই ল'বলৈ চৰকাৰক আহ্বান

নিউজ ডেস্ক, 9 জুলাইঃভাৰতীয় বাতৰি কাকত সন্থাই কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া অতিৰিক্ত 10 শতাংশ অতিৰিক্ত শুল্ক উঠাই ল'বলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাতৰি কাকত প্ৰকাশন আৰু ইয়াৰ বাবে ব্যৱহৃত হোৱা এল ডব্লিউ চি (light weight coated, LWC) আৰু প্ৰিণ্টিং কাগজৰ ওপৰত 10 শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছিল ৷

ভাৰত বৰ্ষত বাতৰি কাকত প্ৰকাশক সংস্থা সমূহে লোকচানৰ সন্মুখীন হৈ আহিছে ৷ বিজ্ঞাপনৰ লাভাংশ ন্যূনতম হোৱাৰ লগতে অতিৰিক্ত প্ৰকাশন খৰচ, বৃহৎ প্ৰযুক্তিখণ্ডৰ পৰা পোৱা ডিজিটেল প্ৰত্যাহ্বান আদি কাৰকৰ পৰাই বাতৰি কাকত প্ৰকাশনত ইতিমধ্যেই বিত্তীয় সমস্যাৰ সন্মুখীন হৈ আহিবাছে প্ৰকাশক সংস্থা সমূহ ৷ ক্ষুদ্ৰ আৰু মধ্যমীয়া বাতৰি কাকত সমূহত ইয়াৰ প্ৰভাৱ ইতিমধ্যেই পৰিলক্ষিত হৈছে আৰু বহু বাতৰি কাকত বন্ধ হৈ পৰিছে ৷ ভাৰতত প্ৰতি বছৰে 2.50 মিলিয়ন টন বাতৰি কাকতৰ প্ৰয়োজন হয় যদিও ঘৰুৱা উদ্যোগটোৱে মাত্ৰ 1 মিলিয়ন টনহে প্ৰকাশ কৰাবলৈ সক্ষম ৷ সেই ফালৰ পৰা অতিৰিক্তকৈ জাপি দিয়া 10 শতাংশ শুল্কই উদ্যোগটোক আৰু অধিক লোকচানৰ দিশলৈ ঠেলি দিব ৷

সেয়েহে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তভাৱে জাপি দিয়া 10 শতাংশ শুল্ক উঠাই ল'বলৈ আহ্বান জনাইছে সংস্থাটোৱে ৷

ABOUT THE AUTHOR

...view details