অসম

assam

ভাৰতত সোণৰ চাহিদা 32 শতাংশ হ্ৰাস

By

Published : Nov 5, 2019, 7:24 PM IST

চাহিদা হ্ৰাসৰ ফলত বৰ্তমান সোণৰ মূল্য কিছু পৰিমানে হ্ৰাস পাইছে ৷ বৰ্তমান 10 গ্ৰাম সোণৰ মূল্য 38,800 টকা ৷

ভাৰতত সোণৰ চাহিদা 32 শতাংশ হ্ৰাস

নিউজ ডেস্ক, 5 নৱেম্বৰঃ ভাৰতবৰ্ষত হ্ৰাস পাইছে সোণৰ চাহিদা ৷ চেপ্তেম্বৰৰ পৰা বৃদ্ধিহোৱা সোণৰ মূল্য আৰু দেশৰ অৰ্থনৈতিক স্থবিৰতাৰ বাবেই চাহিদা হ্ৰাস পাইছে ৷ বিশ্ব সোণ পৰিষদৰ প্ৰতিবেদন অনুসৰি এই চাহিদা 32 শতাংশ হ্ৰাস পাইছে 123.9 টন হৈছে ৷

উল্লেখ্য যে, সোণৰ চাহিদাৰ ক্ষেত্ৰত চীনৰ পিছতেই ভাৰতবৰ্ষই দ্বিতীয় স্থানত আছে ৷ ভাৰতৰ ঘৰুৱা বজাৰত চেপ্তেম্বৰলৈ সোণৰ মূল্য প্ৰতি দহ গ্ৰামত 39,011 টকা আছিল ৷ কিন্তু চাহিদা হ্ৰাসৰ ফলত বৰ্তমান মূল্য কিছু পৰিমানে হ্ৰাস পাইছে ৷ বৰ্তমান 10 গ্ৰাম সোণৰ মূল্য 38,800 টকা ৷

প্ৰতিবেদনত প্ৰকাশ কৰা তথ্য অনুসৰী 2019 বৰ্ষৰ প্ৰথম 9 মাহত সোণৰ চাহিদা 496.11 শতাংশৰ পৰা বৃদ্ধি হৈ 523.9 শতাংশ হৈছিল ৷ আনহাতে 2018 চনৰ সম্পূৰ্ণ বৰ্ষটোত সোণৰ চাহিদা আছিল সৰ্বমূঠ 760.4 টন ৷

বিশ্ব সোণ পৰিষদৰ পৰিচালন সঞ্চালকে পিটিআই ৰ আগত প্ৰকাশ কৰা অনুসৰি দুটা মূখ্য কাৰণৰ বাবে হ্ৰাস পাইছে সোণৰ চাহিদা ৷ প্ৰথমটো হ'ল বৰ্দ্ধিত সোণৰ মূল্যৰ বাবে গ্ৰাম্যাঞ্চলৰ মানুহে ক্ৰয় কৰিব পৰা নাই সোণ ৷ আনহাতে দ্বিতীয় কাৰণ হ'ল ভাৰত-চীনকে ধৰি বিশ্বৰ প্ৰায়বোৰ আগশাৰী দেশৰে হ্ৰাস পোৱা অৰ্থনৈতিক উন্নয়ণ ৷

বিশ্ব সোণ পৰিষদৰে প্ৰকাশ কৰা অনুসৰী 2019 চনৰ তৃতীয় ত্ৰিমাশিকৰ ভিতৰত সোণৰ চাহিদা 1,107.9 ৰ পৰা 1,079 লৈ হ্ৰাস পাইছে ৷

ABOUT THE AUTHOR

...view details