নিউজ ডেস্ক, 13 অক্টোবৰঃ বিশ্বৰ ভিতৰতে মুল্যৱান দেশৰ তালিকাত সপ্তম স্থানলৈ উত্তীৰ্ণ হৈছে ভাৰত ৷ 2018ৰ পৰা 2019চনৰ ভিতৰত 18.7 শতাংশ ব্ৰেণ্ড ভেল্যু বৃদ্ধি পাইছে ভাৰতত ৷ 2018ত ভাৰতৰ ব্ৰেণ্ড ভেল্যুৰ পৰিমান আছিল 2,159 বিলিয়ন আমেৰিকান ডলাৰ ৷ 2019ত এই পৰিমান 2,562 বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি হয় ৷ ব্ৰেণ্ড ফাইনেন্স সংস্থাৰ বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷
সংস্থাৰ প্ৰতিবেদন অনুসৰি, বিশ্বব্যাপী আৰ্থিক মন্দাৱস্থাৰ মাজতো ভাৰতীয় অৰ্থনীতিয়ে অধিক গতিৰে ধাৱমান হৈছে ৷ অৱশ্যে উৎপাদন আৰু নিৰ্মাণখণ্ডত দেশখনে সন্মুখীন হোৱা মন্দাৱস্থাৰ বাবে অৰ্থনীতিত কিছু বিৰূপ প্ৰভাৱ পৰিলক্ষিত হৈছে ৷