অসম

assam

ETV Bharat / business

ভাৰতত বৃদ্ধি পাব কেঁচা তেলৰ আমদানি

ভাৰত চৰকাৰে ইলেকট্ৰনিক বাহনৰ উৎপাদন ওপৰত অত্যাধিক গুৰুত্ব দিছে যদিও তেলৰ আমদানিৰ ক্ষেত্ৰত ইয়াৰ কোনো প্ৰভাৱ পৰা নাই ৷ কাৰণ বৰ্তমানো উচ্চ মান আৰু বহনক্ষম বাহনৰ অভাৱৰ লগতে বেটাৰী চাৰ্জিং ষ্টেচনৰ অভাৱ আদিৰ দৰে নানাই সমস্যাই দেখা দি আহিছে ৷

ভাৰতত বৃদ্ধি পাব কেঁচা তেলৰ আমদানি : মুডীছ

By

Published : May 14, 2019, 10:26 AM IST

নিউজ ডেস্ক, 14 মে’: কেঁচা তেলৰ আমদানি হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰৰ অহৰহ চেষ্টা চলাই আহিছে যদিও ভাৰতত কেঁচা তেলৰ আমদানি ক্ৰমাৎ বৃদ্ধি পাই আহিছে ৷ কেন্দ্ৰত থকা সকলো চৰকাৰেই তেলৰ আমদানি কম কৰাত অত্যধিক গুৰুত্ব প্ৰদান কৰি আহিছে যদিও বৰ্তমানলৈকে এই ক্ষেত্ৰত সফল হ’বলৈ অসমৰ্থ ৷ যাৰ বাবে এতিয়া চৰকাৰে তেলৰ আমদানিৰ নিৰ্ভৰতা হ্ৰাস কৰিবলৈ ইলেকট্ৰনিক বাহনক অধিক অগ্ৰাধিকাৰ দিয়া দেখা গৈছে ৷

ভাৰতত বৃদ্ধি পাব কেঁচা তেলৰ আমদানি : মুডীছ

কিন্তু মুডীছ নামৰ এক ৰেটিং এজেন্সীয়ে সোমবাৰে প্ৰকাশ কৰা এক প্ৰতিবেদনত ভাৰতত কেঁচা তেলৰ আমদানিৰ হাৰ বৃদ্ধি পাব বুলি উল্লেখ কৰা হৈছে ৷

লগতে পঢ়কঃসোণ'- ভাৰতীয়ৰ আৰ্থিক অৱস্থা আৰু নিৰাপত্তাৰ মাপকাঠি

অৱশ্যে এই সন্দৰ্ভত মুডীছ উল্লেখ কৰে যে বৰ্তমানে ভাৰত চৰকাৰে ইলেকট্ৰনিক বাহনৰ উৎপাদন ওপৰত অত্যাধিক গুৰুত্ব দিছে যদিও তেলৰ আমদানিৰ ক্ষেত্ৰত ইয়াৰ কোনো প্ৰভাৱ পৰা নাই ৷ কাৰণ বৰ্তমানো উচ্চ মান আৰু বহনক্ষম বাহনৰ অভাৱৰ লগতে বেটাৰী চাৰ্জিং ষ্টেচনৰ অভাৱ আদিৰ দৰে নানাই সমস্যাই দেখা দি আহিছে ৷

ABOUT THE AUTHOR

...view details