অসম

assam

64,700 কোটি টকা পৰিশোধ আয়কৰ বিভাগৰঃ নিৰ্মলা সীতাৰমণ

By

Published : Jun 24, 2019, 5:46 PM IST

2018-19 বৰ্ষৰ বাবেও 1.61 লাখ টকা মোকলাই দিয়া হৈছে বুলি সোমবাৰে প্ৰকাশ কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷

64,700 কোটি টকা পৰিশোধ আয়কৰ বিভাগৰঃ নিৰ্মলা সিতাৰমণ

নতুন দিল্লী, 24 জুনঃ চলিত বিত্তীয় বৰ্ষত 64,700 কোটি টকা আয়কৰ পৰিশোধ কৰিছে আয়কৰ বিভাগে ৷ কেৱল এয়াই নহয়, 2018-19 বৰ্ষৰ বাবেও 1.61 লাখ টকা মোকলাই দিয়া হৈছে বুলি সোমবাৰে প্ৰকাশ কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷

লোকসভাত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে 2018-19 বৰ্ষত 6.49 কোটি আইটি ৰিটাৰ্ণ ফাইল কৰা হৈছে বুলিও উল্লেখ কৰাৰ লগতে প্ৰত্যোক শ্ৰেণীৰ কৰদাতাক কৰ ওভতাই দিয়াৰ বাবে সকলোকে প্ৰধান্য দিয়া হৈছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে, চলিত বৰ্ষৰ 18 জুন পৰ্যন্ত 64,700 টকা ৰিফাণ্ড কৰাৰ বিপৰীতে 2018-19 বৰ্ষত 1.91 কোটিতকৈও অধিক ধন ৰিটাৰ্ণ কৰা হৈছে বুলি প্ৰকাশ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ৷ লগতে, ITR ফাইল কৰাৰ বাবে 26.9 কোটি লোকক এছএমএছ আৰু মেইলৰ জৰিয়তে সোঁৱৰাই দিয়া হয় বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details