মুম্বাই, 15 এপ্ৰিলঃ HDFC বেংকৰ অধ্যক্ষ দীপক পৰেশে মঙলবাৰে কয় যে,বিক্ৰী নোহোৱা আৱাসিক সম্পত্তি সমূহৰ দাম 20 শতাংশ পৰ্যন্ত হ্ৰাস পাব । সেয়েহে তেওঁ ডেভেলপাৰ্চ সকলক ষ্টক সমূহ খালী কৰাৰ পৰামৰ্শ দিয়ে ।
তেওঁ লগতে অধিক লাভ অৰ্জনৰ কাৰণে ৰৈ থকা ডেভেলপাৰ্চ্ সকলক সতৰ্ক কৰি দি কয় যে,দীঘলীয়া সময়ৰ ব্যৱসায়ত ই প্ৰভাৱ পেলাব । নাৰেডক' আৰু ক্ৰেডাই নামৰ ৰয়েল ৰিয়েল ষ্টেট সমিতিয়ে আয়োজন কৰা ভিডিঅ' কনফাৰেন্স বৈঠকত দীপক পৰেশে এই কথা ব্যক্ত কৰে । তেওঁ কয় যে,নাৰেডক' ফালৰ পৰা 10-15 শতাংশ মূল্য হ্ৰাসৰ পৰিকল্পনা কৰিছে । কিন্তু এই ক্ষেত্ৰত 20 শতাংশ হ্ৰাসৰ অৱস্থলৈ প্ৰস্তুত থকা উচিত ।