নিউজ ডেস্কঃ সোমবাৰে স্তব্ধ হৈ পৰে ৰাজহুৱা খণ্ডৰ বৃহৎ বিত্তীয় প্ৰতিষ্ঠান এইট ডি এফ চি বেংকৰ মোবাইল বেংকিং আৰু নেট বেংকিং সেৱা ৷ যান্ত্ৰিক বিজুতিৰ বাবেই গ্ৰাহকসকলে সোমবাৰৰ দিনটোত বঞ্চিত হ'বলগীয়া হয় উক্ত সেৱাৰ পৰা ৷
এইচ ডি এফ চি বেংকৰ মোবাইল-নেট বেংকিং সেৱা বিকল - mobile, net banking services hit by technical snag
যান্ত্ৰিক বিজুতিৰ বাবেই HDFC বেংকৰ গ্ৰাহক সকলে সোমবাৰৰ দিনটোত বঞ্চিত হ'ব লগীয়া হয় মোবাইল বেংকিং আৰু নেট বেংকিং সেৱাৰ পৰা ৷ টুইট যোগে এই কথা প্ৰকাশ কৰে বেংক কৰ্তৃপক্ষই ৷
এক তথ্যৰ পৰা জানিব পৰা মতে বেংকটোৰ নেট বেংকিং আৰু মবাইল বেংকিং বন্ধ হৈ পৰাৰ পিচত সহস্ৰাধিক গ্ৰাহকে নিজৰ একাউন্ট বন্ধ কৰি দিয়ে বেংকটোৰ পৰা ৷ আনহাতে এই ঘটনাৰ পিচতে এইচ ডি এফ চি বেংক কতৃপক্ষৰ ফালৰ পৰা এক টুইট প্ৰকাশ কৰে ৷ উক্ত টুইটত একাংশ গ্ৰাহকহে এই অসুবিধাৰ সন্মুখীন হ'বলগীয়া হোৱা বুলি উল্লেখ কৰে ৷ আনহাতে এই ঘটনাক লৈ গ্ৰাহক সকল শংকিত হোৱাৰ প্ৰয়োজন নাই বুলিও টুইটাৰৰ জৰিয়তে আশ্বাস প্ৰদান কৰে বেংক কতৃপক্ষই ৷ একাংশ গ্ৰাহকে সমগ্ৰ দিনটোত সামাজিক মাধ্যম যোগে তেওঁলোকৰ অসুবিধা তথা অভিযোগ সমূহ প্ৰকাশ কৰে ৷
লগতে পঢ়কঃ নগাঁৱৰ ধিঙত চোৰাং-চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ বহু সংখ্যক পৰিভ্ৰমী চৰাই