অসম

assam

ETV Bharat / business

HDFC বেংকৰ 15 বছৰঃ অসমত 100 টালৈ শাখা বৃদ্ধিৰ লক্ষ্য - Sandip S Kumar HDFC Bank news guwahati

HDFC বেংকে অসমত সম্পূৰ্ণ কৰিলে সফলতাৰ 15টা বৰ্ষ ৷ এই 15 বছৰে অসমৰ ৰাইজক হাঁহিমুখে সেৱা আগবঢ়াই অহা বেংকটোৱে অসমত শীঘ্ৰেই ইয়াৰ শাখা 100টালৈ বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি লৈছে ৷ গুৱাহাটী আয়োজিত এক মত বিনিময় অনুষ্ঠানত এই কথা প্ৰকাশ কৰিলে বেংকটোৰ উত্তৰ-পূবৰ দায়িত্বত থকা মুখ্য বিষয়া সন্দীপ এছ কুমাৰে ৷

অসমত 100 টালৈ শাখা বৃদ্ধিৰ লক্ষ্য HDFC বেংকৰ

By

Published : Nov 14, 2019, 3:50 AM IST

গুৱাহাটী, 13 নৱেম্বৰঃব্যক্তিগত খণ্ডৰ বেংক The Housing Development Finance Corporation চমুকৈ HDFC বেংকে অসমত সম্পূৰ্ণ কৰিলে সফলতাৰ 15টা বছৰ ৷ 15 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বুধবাৰে মহানগৰীৰ হোটেল লেণ্ডমাৰ্কত বেংকটোৱে অনুষ্ঠিত কৰে এক মত বিনিময় অনুষ্ঠানৰ ৷ অনুষ্ঠানত বেংকটোৰ কৰ্মচাৰীৰ লগতে গ্ৰাহকসকল উপস্থিত থাকে ৷ এই অনুষ্ঠানৰ জৰিয়তে বৰ্তমান সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বেংকটোৰ সেৱা আৰু পৰৱৰ্তী সময়ত বেংকটোৱে গ্ৰাহকক কেনেদৰে অধিক সুবিধা প্ৰদান কৰিব তাৰ ওপৰত বিশদ আলোচনা কৰা হয় ৷ ইয়াৰ উপৰিও গ্ৰাহক আৰু কৰ্মচাৰীৰ বিভিন্ন অসুবিধা তথা অভিযোগৰ ওপৰতো আলোচনা হয় ৷

অসমত 100 টালৈ শাখা বৃদ্ধিৰ লক্ষ্য HDFC বেংকৰ

উল্লেখ্যযোগ্য যে, 2004 চনত গুৱাহাটীৰ পৰাই অসমত সেৱা আৰম্ভ কৰিছিল HDFC বেংকে ৷ বৰ্তমান সময়ত ৰাজ্যত বেংকটোৱে 72টা শাখাৰে অসমৰ গ্ৰাহকক সেৱা আগবঢ়াই আছে ৷ ইয়াৰ উপৰিও অসমৰ অতিকে দুৰ্গম অঞ্চলত বেংকটোৱে 121 টা এটিএম স্থাপন কৰি নিজৰ লগতে অন্য বেংকৰ গ্ৰাহকসকলকো সেৱা প্ৰদান কৰিছে ৷ অতিশীঘ্ৰেই অসমত বেংকটোৰ শাখা 100টালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা হাতত লৈছে বেংকটোৱে ৷ অসম চৰকাৰৰ সৈতে হোৱা আলোচনা মৰ্মে অসমৰ থলুৱা যুৱক-যুৱতীকো বেংকটোত নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰে বেংকটোৰ উত্তৰ-পূব শাখাৰ মুৰব্বী সন্দীপ এছ কুমাৰে ৷ বেংকটোৰ 15 বছৰীয়া সফলতাৰ বাবে অসমৰ গ্ৰাহক তথা তেওঁলোকৰ পৰিয়ালৰ লগতে বেংকটোৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে সন্দীপ কুমাৰে ৷

ABOUT THE AUTHOR

...view details