নিউজ ডেস্ক, 21 জুনঃ লোকসভা নিৰ্বাচনৰ পাচত শুকুৰবাৰে অনুষ্ঠিত হয় জি এচ টি কাউঞ্চিলৰ বৈঠক ৷ ব্যৱসায়ী সকলৰ জি এচ টি পঞ্জীয়ন শিথিল কৰিবলৈ পঞ্জীয়নৰ বাবে আধাৰ কাৰ্ড গ্ৰহণ যোগ্য বুলি বিবেচনা কৰে ৷ ৰাজ্যিক বিত্ত মন্ত্ৰীয়ে জি এছ টি কাউঞ্চিলৰ আগত এই কথা ঘোষণা কৰে ৷ উক্ত সিদ্ধান্তৰ পাচত ব্যৱসায়ী সকলৰ বাবে জি এছ টি পঞ্জীয়ন সহজসাধ্য হ'ব বুলি ধাৰণা কৰা হৈছে ৷
জি এছ টি কাউঞ্চিলৰ বৈঠক, পঞ্জীয়নৰ বাবে গ্ৰহণযোগ্য হ'ব আধাৰ - জি এচ টি কাউঞ্চিল
লোকসভা নিৰ্বাচনৰ পাচত শুকুৰবাৰে অনুষ্ঠিত হয় জি এচ টি কাউঞ্চিলৰ বৈঠক ৷ ব্যৱসায়ী সকলৰ জি এচ টি পঞ্জীয়ন শিথিল কৰিবলৈ পঞ্জীয়নৰ বাবে আধাৰ কাৰ্ড গ্ৰহণ যোগ্য বুলি বিবেচনা কৰে ৷
জি এছ টি কাউঞ্চিলৰ বৈঠক, পঞ্জীয়নৰ বাবে গ্ৰহণযোগ্য হ'ব আধাৰ
কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত অনুষ্ঠিত হোৱা জি এচ টিৰ 35 সংখ্যক বৈঠকত জি এচ টি হ্ৰাসৰো প্ৰস্তাৱ আগবঢ়োৱা হয় ৷ ইভি জিএটি 12 শতাংশৰ পৰা 5 শতাংশলৈ আৰু আন ক্ষেত্ৰত 18 শতাংশৰ পৰা 12 শতাংশলৈ হ্ৰাসৰ প্ৰস্তাৱ আগবঢ়াই ৷