নিউজ ডেস্ক, 8 জুলাইঃগোলকীয় সংকটৰ মাজত বৃদ্ধি পাইছে সোণৰ মূল্য । দেশৰ ৰাজধানীত বুধবাৰে প্ৰতি দহগ্ৰাম সোণত বৃদ্ধি পায় 723 টকা । ইয়াৰ ফলত বৰ্তমান 24 কেৰেটৰ দহ গ্ৰাম সোণৰ মূল্য 49,898 টকা । HDFC সুৰক্ষাৰ মতে আন্তঃৰাষ্ট্ৰীয় বজাৰত ধাতুৰ মূল্য বৃদ্ধি পোৱাৰ বাবেই ভাৰতৰ সোণৰ বজাৰত ইয়াৰ প্ৰভাৱ পৰিছে ।
দেশত পুনৰ বৃদ্ধি পাইছে সোণৰ মূল্য - আমেৰিকান ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য
আমেৰিকান ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্যও হ্ৰাস পাইছে বুধবাৰে । ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাইছে 9 পইচা । ৰূপৰ মূল্য প্ৰতিকেজিত 104 টকা হ্ৰাস পাইছে ।
![দেশত পুনৰ বৃদ্ধি পাইছে সোণৰ মূল্য সোণৰ মূল্য 723 টকা বৃদ্ধি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7946535-58-7946535-1594217452630.jpg)
সোণৰ মূল্য 723 টকা বৃদ্ধি
ইপিনে আমেৰিকান ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্যও হ্ৰাস পাইছে বুধবাৰে । ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাইছে 9 পইচা । ইয়াৰ ফলত প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছে 75.02 টকা ।
অৱশ্যে, ৰূপৰ মূল্য প্ৰতি কেজিত 104 টকা হ্ৰাস পাইছে । বুধবাৰে ৰূপৰ মূল্য 50,520 ৰ পৰা 50,416 টকা হয় ।