নেশ্যনেল ডেস্ক,18 জুন: প্ৰত্যেক গৰাকী নাৰীৰে দুৰ্বলতা আছে সোণ-ৰূপৰ অলংকাৰৰ প্ৰতি ৷ সোণ-ৰূপৰ আন্তজাৰ্তিক মূল্য যিমানেই বৃদ্ধি নহওঁক কিয়, তাৰ প্ৰতি বিশেষকৈ মহিলা সকলৰ আকৰ্ষণ বা ধাউতি কমি নাযায় ৷
জানিব পৰা মতে,ক্ৰমাৎ আন্তজাৰ্তিক বজাৰত বৃদ্ধি পাইছে সোণৰ মূল্য ৷ আন্তজাৰ্তিক বজাৰৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় বজাৰতো বৃদ্ধি হৈছে সোণৰ মূল্য ৷ এইচ.ডি.এফ.চি চিকিউৰিটিজ(HDFC Securities)ৰ তথ্য অনুসৰি, শুকুৰবাৰে ৰাষ্ট্ৰীয় ৰাজধানী চহৰত সোণৰ মূল্য বৃদ্ধি পাইছে ৷ এইচ.ডি.এফ.চি চিকিউৰিটিজ(HDFC Securities)য়ে সদৰি কৰা তথ্য অনুসৰি, পূৰ্বৰ মূল্যৰ লগত সংযোগ হৈ প্ৰতি 10 গ্ৰাম সোণত বৃদ্ধি হৈ 188 টকা ৷ অৰ্থাৎ বৰ্তমান প্ৰতি 10 গ্ৰাম সোণৰ মূল্য হৈছে 46,460 টকা ৷
বিশ্বব্যাপী থকা মূল্যৱান ধাতুৰ ভিতৰত সোণকো অতি মূল্যবান ধাতু হিচাপে পৰিণত হৈছে ৷ শুকুৰবাৰে সোণৰ এই মূল্য বৃদ্ধিয়ে সেই সংকেটকে প্ৰদান কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, পূৰ্বতে সোণৰ বজাৰ বা সোণৰ ব্যৱসায়ৰ ভিত্তিত লক্ষ্য কৰিলে দেখা যায় যে, প্ৰতি 10 গ্ৰাম সোণৰ মূল্য আছিল 46,272 টকা ৷ ৰূপৰ ক্ষেত্ৰত সোণতকৈ কিছু কম ৰূপৰ মূল্য ৷ পূৰ্বতে প্ৰতি কিলোগ্ৰামত ৰূপৰ মূল্য আছিল ৬৭,৪৮৫ টকা ৷ বৰ্তমান ইয়াৰ মূল্য ১৭৩ টকা বৃদ্ধি হৈছে ৷ যাৰ ফলত প্ৰতি কিলোগ্ৰাম ৰূপৰ বৰ্তমান মূল্য হৈছে গৈ ৬৭,৬৫৮ টকা ৷