অসম

assam

ETV Bharat / business

কেন্দ্ৰীয় বাজেট 2020ঃ কি পৰিৱৰ্তন আহিব দেশৰ আন্তঃগাঠনিলৈ ?

শনিবাৰে দিনৰ 11 বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰে কেন্দ্ৰীয় বাজেট ৷ উক্ত বাজেটৰ জৰিয়তে বিত্তমন্ত্ৰীগৰাকীয়ে কেইবাটাও দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ সমান্তৰালকৈ প্ৰযুক্তি ক্ষেত্ৰতো ম’বাইল নিৰ্মান, অৰ্ধ চালক আৰু অন্যান্য বৈদ্যুতিক সৰঞ্জামৰ উৎপাদনৰ ক্ষেত্ৰত এক নতুন আঁচনি উত্থাপন কৰে৷ নৰেন্দ্ৰ মোডী চৰকাৰখনে তেঁওলোকৰ দ্বিতীয় কাৰ্যকালৰ বিত্তীয় বৰ্ষৰ প্ৰথম পূৰ্ণাংগ বাজেটত প্ৰতিটো ক্ষেত্ৰতে কিছু প্ৰদান কৰাৰ চেষ্টা কৰিছে ৷

By

Published : Feb 1, 2020, 1:57 PM IST

Updated : Feb 1, 2020, 2:58 PM IST

FM proposes scheme for manufacturing cell phones, semi conductors, electronic devices
প্ৰযুক্তি ক্ষেত্ৰত সংযোগ কেইবাটাও নতুন আঁচনি

নতুন দিল্লী,1 ফেব্ৰুৱাৰীঃশনিবাৰে দিনৰ 11 বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰে কেন্দ্ৰীয় বাজেট ৷ উক্ত বাজেটৰ জৰিয়তে বিত্তমন্ত্ৰীগৰাকীয়ে কেইবাটাও দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ সমান্তৰালকৈ প্ৰযুক্তি ক্ষেত্ৰতো ম’বাইল নিৰ্মান, অৰ্ধ চালক আৰু অন্যান্য বৈদ্যুতিক সৰঞ্জামৰ উৎপাদনৰ ক্ষেত্ৰত এক নতুন আঁচনি উত্থাপন কৰে৷

নৰেন্দ্ৰ মোডী চৰকাৰখনে তেঁওলোকৰ দ্বিতীয় কাৰ্যকালৰ বিত্তীয় বৰ্ষৰ প্ৰথম পূৰ্ণাংগ বাজেটত প্ৰতিটো ক্ষেত্ৰতে কিছু প্ৰদান কৰাৰ চেষ্টা কৰিছে ৷

প্ৰযুক্তি ক্ষেত্ৰত সংযোগ কেইবাটাও নতুন আঁচনি

এই বাজেটখনত প্ৰযুক্তি ক্ষেত্ৰখনৰ বাবে কি বিশেষ আহক জানো-

1. প্ৰাকৃতিক গেছৰ পাইপলাইনৰ গ্ৰীড 16,000ৰ পৰা 27,000 কিল’মিটাৰলৈ বৃদ্ধি কৰা হ’ব ৷
2. শক্তি আৰু নৱীকৰণযোগ্য শক্তি ক্ষেত্ৰত 2020-21ৰ ভিতৰত 22,000 কোটি ব্যয় কৰা হ’ব ৷
3. 2020-21ত যাতায়াত প্ৰযুক্তি ক্ষেত্ৰত ব্যয় কৰা হ’ব 1.7 লাখ ৷
4. বেংগালুৰু উপনগৰ নিৰ্মান প্ৰকল্পলৈ 18,600 কোটি টকা আৱন্টন ৷
5. শক্তি আৰু নৱীকৰণযোগ্য শক্তি ক্ষেত্ৰত 22,000 কোটি টকা আৱন্টন ৷
6. আনাগত তিনি বছৰত পৰম্পৰাগত মিটাৰসমূহক প্ৰি-পেইড স্মাৰ্ট মিটাৰৰ দ্বাৰা সলনি কৰা হ’ব ৷
7. 2024ৰ ভিতৰত এয়াৰ ফ্লিট দুগুণ কৰি 600ৰ পৰা 1200 কৰা হ’ব ৷
8. উড়ান আঁচনিক সমৰ্থন কৰিবলৈ 2024 চনৰ ভিতৰত 100খন বিমানবন্দৰ স্থাপন কৰা হ’ব ৷
9. ৰে’ল লাইন সমূহৰ সমান্তৰালকৈ বৃহৎ সৌৰ শক্তি প্ৰকল্প স্থাপনৰ প্ৰস্তাৱক বিবেচনাৰ আওতাত ৰখা হৈছে ৷
10. নতুন অৰ্থনীতিৰ আধাৰত নতুনত্ব,IOT,3D প্ৰিন্টিং,কোৱান্টাম কম্পিউটিঙৰ জৰিয়তে দেশজুৰি ডাটা পাৰ্ক নিৰ্মানৰ বাবে ব্যক্তিগত খণ্ডৰ বাবে বিশ্ব ব্যৱস্থাৰ নীতি আৱিস্কাৰ কৰা হৈছে ৷ ৰে’ল লাইন সমূহৰ সমান্তৰালকৈ বৃহৎ সৌৰ শক্তি ধাৰণক্ষমতা স্থাপনৰ প্ৰস্তাৱক বিবেচনাৰ আওতাত ৰখা হৈছে ৷
11. "মই 2020-21ত যাতায়াত প্ৰযুক্তি ক্ষেত্ৰত 1,7 লাখ ব্যয়ৰ প্ৰস্তাৱ উত্থাপন কৰিলো"-বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷
12. বৃহৎ সৌৰ শক্তি প্ৰকল্প স্থাপন
13. মই উদ্যোগ আৰু শিল্পৰ উন্নয়নৰ বাবে 2020-21 বৰ্ষত 22,300 কোটি টকা প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ কৰিলো ৷
14. 2023 চনৰ ভিতৰত দিল্লী-মুম্বাই এক্সপ্ৰেছ ৱেৰ নিৰ্মান সম্পূৰ্ম কৰা হ’ব ৷
15. অতি শীঘ্ৰেই নেচনেল লজিষ্টিক পলিচিৰ ঘোষণা কৰা হ’ব ৷
16. 6 হাজাৰতকৈও অধিক প্ৰকল্প চিনাক্ত ৷
17. ভাৰতৰ ঘৰুৱা উৎপাদন বৃদ্ধিত তথা বৈদ্যুতিক উৎপাদনত বিনিয়োগ বৃদ্ধি কৰা প্ৰয়োজন ৷
18. ভাৰতৰ ঘৰুৱা উৎপাদন বৃদ্ধি তথা বৈদ্যুতিক উৎপাদনত বিনিয়োগ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় 6 হাজাৰ প্ৰকল্প চিনাক্ত ৷
19. চৰকাৰে ম’বাইল ফোন,অৰ্ধপৰিবাহী আৰু অন্যান্য বৈদ্যুতিক সৰঞ্জাম তৈয়াৰ কৰাৰ বাবে এটি আঁচনি প্ৰস্তাৱ কৰা হয় ৷
20. ডিচেম্বৰৰ শেষত 103 কোটি টকাৰ ইনফ্ৰা প্ৰকল্পৰ পাইপলাইনৰ কাম আৰম্ভ হৈছে ৷

চৰকাৰে ডাটা চেন্টাৰ পাৰ্কসমূহৰ বাবে সমগ্ৰ দেশতে এটি আঁচনি লৈ আহিব ৷ চৰকাৰে FY21 ত Bharat Netৰ বাবে 6,000 কোটি টকা প্ৰদান কৰিছে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, Bharat Netৰ জৰিয়তে ঘৰে ঘৰে তাঁৰে চলিত বৰ্ষত 1 লাখ গাঁও পঞ্চায়তক সংযুক্ত কৰিব ৷

1. Bharat Netৰ মাধ্যমেৰে চলিত বৰ্ষত 1 লাখ গাঁও পঞ্চায়তক সংযোগ ৷ Bharat Net in FY21:FMৰ বাবে 6000 কোটি টকা আৱন্টন ৷
2. কোৱান্টাম টেকন’ল’জি আৰু এপ্লিকেচনৰ 5 বছৰৰ বেছি সময় ধৰি ৰাষ্ট্ৰীয় মিচনৰ বাবে 8,000 কোটি টকা ব্যয় কৰা হৈছে ৷

Last Updated : Feb 1, 2020, 2:58 PM IST

ABOUT THE AUTHOR

...view details