অসম

assam

ETV Bharat / business

নিউ ডেভেলপমেন্ট বেংক'ছ ব'ৰ্ডৰ গৱৰ্ণৰৰ সৈতে পঞ্চমখন বৈঠক বিত্তীয় মন্ত্ৰীৰ - নিউ ডেভেলপমেন্ট বেংক'ছ ব'ৰ্ডৰ গৱৰ্ণৰৰ সৈতে পঞ্চমখন বৈঠক বিত্তীয় মন্ত্ৰীৰ

কোভিড-১৯ ৰ আলোচনাৰ ওপৰত ভাৰতৰ বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে BRICS দেশ সমূহক প্ৰায় ৫ বিলিয়ন আৰ্থিক সহায্যৰ দ্ৰুত ট্ৰেকিঙৰ বাবে এন ডি বিৰ প্ৰচেষ্টাৰ শলাগ লয় । য'ত মহামাৰীৰ বিৰুদ্ধে মোকাবিলা কৰিবৰ বাবে ভাৰতক দিয়া ১ বিলিয়ন ডলাৰ জৰুৰীকালীন সাহাৰ্যও সন্নিৱিষ্ট হৈ আছে । বিত্তীয় মন্ত্ৰীগৰাকীয়ে কয় যে,পৰৱৰ্তী সময়ত এই সাহাৰ্য ১০ বিলিয়ন ডলাৰ লৈ বৃদ্ধি কৰা হ'ব ।

FM attends 5th meeting of New Development Bank's Board of Governors
FM attends 5th meeting of New Development Bank's Board of Governors

By

Published : Apr 21, 2020, 10:51 AM IST

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ সোমবাৰে পঞ্চমখন বাৰ্ষিক বৈঠকত নিউ ডেভেলপমেন্ট বেংক'ছ ব'ৰ্ডৰ গৱৰ্ণৰৰ সৈতে মিলিত হয় দেশৰ বিত্তীয়মন্ত্ৰী নিৰ্মলা সীতাৰমণ । ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত কৰা হয় এই বৈঠকৰ ।

২০১৪ চনত গঠন কৰা হৈছিল BRICS । ইয়াৰ সদস্য় হৈছে- ব্ৰাজিল,ৰাছিয়া,ভাৰত,চীন আৰু দক্ষিণ আফ্ৰিকা । ইয়াৰ উদ্দেশ্য হৈছে প্ৰাথমিক বিকাশ,বহনক্ষম উন্নয়নৰ আন্তঃগাথনি গঠনৰ বাবে সম্পদৰ যুগুত কৰা,নতুনকৈ উঠি অহা বজাৰৰ অৰ্থব্যৱস্থা আৰু উন্নয়নশীল দেশ সমূহত বুনিয়াদী আৰু বহনক্ষম উন্নয়নৰ পৰিকল্পনাৰ বাবে উৎসৰ যোগান ধৰা । এনডিবি য়ে বৰ্তমানলৈকে ভাৰতত ১৪ টা পৰিযোজনাৰ বাবে ৪,১৮৩ মিলিয়ন ডলাৰ ধনৰাশী গৃহিত কৰিছে ।

এই বৈঠকতেই বিত্তীয় মন্ত্ৰী গৰাকীয়ে কোভিড-১৯ৰ আলোচনা সন্দৰ্ভত BRICS দেশ সমূহক প্ৰায় ৫ বিলিয়ন আৰ্থিক সহায়তাৰ দ্ৰুত ট্ৰেকিঙৰ বাবে এনডিবিৰ প্ৰচেষ্টাৰ শলাগ লয়। ইয়াৰ মাজতে মহামাৰীৰ বিৰুদ্ধে মোকাবিলা কৰিবৰ বাবে ভাৰতক দিয়া ১ বিলিয়ন ডলাৰ জৰুৰীকালীন সাহাৰ্যও সন্নিৱিষ্ট হৈ আছে । বিত্তীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে,পৰৱৰ্তী সময়ত এই সাহাৰ্য ১০ বিলিয়ন ডলাৰ লৈ বৃদ্ধি কৰা হ'ব ।

তেওঁ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোভিড-১৯ জৰুৰীকালীন সাহাৰ্য পূঁজি আৰু প্ৰয়োজনীয় দেশ সমূহলৈ প্ৰয়োজনীয় ঔষধৰ যোগান ধৰাৰ বাবে লোৱা পদক্ষেপৰ কথাও উল্লেখ কৰে। এই সন্দৰ্ভত ব্ৰাজিলৰ বিত্তীয় মন্ত্ৰীয়ে ভাৰতক সহায় কৰাৰ বাবে ধন্য়বাদ জ্ঞাপন কৰে ।

ABOUT THE AUTHOR

...view details