22 এপ্ৰিলঃ দেশৰ ব্যক্তিগত ঔদ্যোগিক ক্ষেত্ৰখন অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে সোমবাৰে হায়দৰাবাদত মুকলি হ'ল জনপ্ৰিয় শ্ব'পিং চাইট ফ্লিপকাৰ্টৰ ডাটা চেন্টাৰ । ডাটা চেন্টাৰটো মুকলি কৰাৰ পিচতে এই পদক্ষেপে নিবনুৱা নিযুক্তিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি উল্লেখ কৰে প্ৰতিষ্ঠানটোৰ শীৰ্ষ বিষয়াই ।
হায়দৰাবাদত মুকলি ফ্লিপকাৰ্টৰ দ্বিতীয়টো কেন্দ্ৰ - etv bharat
দাক্ষিণাত্যৰ চহৰত মুকলি ফ্লিপকাৰ্টৰ দ্বিতীয়টো ডাটা কেন্দ্ৰ ৷

হায়দৰাবাদত মুকলি ফ্লিপকাৰ্টৰ দ্বিতীয়টো চেন্টাৰ
CtrlS নামৰ প্ৰতিষ্ঠানটোৰ সহযোগত মুকলি কৰা হয ফ্লিপকাৰ্টৰ ডাটা চেন্টাৰটো । চেন্টাৰটোৰ মুকলি অনুষ্ঠান বহু গণ্য-মান্য ব্যৱসায়ীৰ লগতে উপস্থিত থাকে CtrlS-ৰ প্ৰতিষ্ঠাপক শ্ৰীধৰ পুন্নাপুৰেড্ডী ।
উল্লেখ্য যে, দেশৰ ভিতৰতে হায়দৰাবাদৰ চেন্টাৰটো হৈছে দ্বিতীয় ডাটা চেন্টাৰ । আনহাতে, তেলেঙ্গানাত আছে ফ্লিপকাৰ্চৰ প্ৰথমটো চেন্টাৰ ।