অসম

assam

ETV Bharat / business

নিৱনুৱা সকললৈ সুখবৰ লৈ আনিছে গুগলে, কিন্তু কি এই সুখবৰ! - find work from google

এতিয়াৰে পৰা চাকৰিৰ নামত হাবাথুৰি খাব নালাগে । কিয়নো এতিয়াৰে পৰা আপোনাৰ হাতৰ মুঠিত থাকিব চাকৰিৰ সুবিধা

নিৱনুৱা সকললৈ সুখবৰ লৈ আনিছে গুগলে, কিন্তু কি এই সুখবৰ!

By

Published : Apr 25, 2019, 5:54 PM IST

২৫ এপ্ৰিল, নিউজ ডেস্কঃ নিৱনুৱা সকলৰ বাবে সুখবৰ । গুগলে কঢ়িয়াই আনিছে এই সু-খৱৰ । এতিয়াৰে পৰা আপুনি আৰু চাকৰি বিচাৰি ৰাস্তা-ঘাটে, কাৰ্যালয়ে-কাৰ্যালয়ে হাবাথুৰি খাব নালাগে । কিয়নো এতিয়াৰে পৰা গুগলত উপলব্ধ হব এটা নতুন সুবিধা যাৰ জড়িয়তে আপুনি ঘৰত বহি থাকি বিচাৰিব পাৰিব চাকৰি ।

গুগলsearch engineৰ জড়িয়তে আপুনি বিচাৰিব পাৰিব নিজৰ মন-পচন্দ চাকৰি । ব্যক্তিগত প্ৰতিষ্ঠানৰ চাকৰিৰ লগতে ঘৰত বহি উপাৰ্জন কৰিব পৰাৰ সুবিধাও উপলব্ধ কৰিব গুগলে । দেশত বৃদ্ধি হৈ থকা নিৱনুৱাৰ সংখ্যা আৰু নিয়োগকাৰী সংস্থাসমূহৰ সৈতে নিৱনুৱাসকলৰ সম্বন্ধ বৰ্তাই ৰখাৰ প্ৰতি লক্ষ্য ৰাখি এই সেৱা মুকলি কৰিবলৈ সাজু হৈছে বুলি বৃহস্পতিবাৰে এক ব্লগযোগে এই কথা প্ৰকাশ কৰে গুগলৰ ক্লাউড প্ৰডাক্ট মেনেজাৰ জেনিফাৰ ছ্যুৱে । সৰ্বমুঠ ১০০ টা ভাষাত চাকৰি বিচাৰিব পৰাকৈ উপলব্ধ কৰা হ'ব গুগলৰ এই ফিচাৰ ।

ABOUT THE AUTHOR

...view details