বিজনেছ ডেস্ক, ২৫ নৱেম্বৰ: স্নেপড্ৰেগন ৮৬৫ৰ দ্বাৰা সঞ্চালিত নতুন ফ্লেগশ্বিপ ডিভাইচ নিঅ' প্ৰস্তুতৰ বাবে কাম কৰি আছে মট'ৰলাই । কেইবাটাও ফিচাৰ্চৰ সৈতে নতুন ৰূপত মট'ৰলা নিঅ' প্ৰস্তুত কৰি উলিওৱা হৈছে । সংবাদ প'ৰ্টেল গিজবটে প্ৰকাশ কৰা তথ্য অনুসৰি, ৮ জিবি ৰেম আৰু ১২৮ জিবি অনব'ৰ্ড ষ্ট'ৰেজৰ সৈতে স্নেপড্ৰেগন ৮৬৫ শ্বিপক এক নতুন ফ্লেগশ্বিপত সংযুক্ত কৰা হ'ব । ডিস্প্লেত এফ এইচ ডি ৰিজ'ল্যুশ্যন থাকিব ।
স্নেপড্ৰেগন ৮৬৫ৰ সৈতে ২০২১ত বজাৰত মুকলি কৰি দিয়া হ'ব মট'ৰলা নিঅ' - প্ৰস্তুত কৰি
নতুন বছৰত মোবাইল ফোনৰ বজাৰত গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সাজু মট'ৰলা নিঅ'। স্নেপড্ৰেগন ৮৬৫, ডুৱেল ছিমৰ সুবিধাসহ বহুকেইটা ফিচাৰ্চ আছে মট'ৰলা নিঅ'ত । মোবাইল ফোনটোত ট্ৰিপ'ল কেমেৰাও সংযুক্ত কৰা হৈছে ।
নতুন বছৰত মোবাইল ফোনৰ বজাৰত গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সাজু মট'ৰলা নিঅ'
মোবাইল ফোনটোত পিছফালে ট্ৰিপ'ল কেমেৰাও সংযুক্ত কৰাৰো সম্ভাৱনা আছে য'ত বহল লেন্সৰ সৈতে ৬৪ এম পি ছেন্সৰ থাকিব । আল্ট্ৰা ৱাইড লেন্সৰ সৈতে ১৬ এম পি ছেন্সৰ আৰু ২ এম পি গভীৰ ছেন্সৰ থকাৰ সম্ভাৱনা আছে । সন্মুখৰ ফালে ডুৱেল কেমেৰা সংযোগ কৰা হ'ব য'ত এখন বহল লেন্সৰ সৈতে ১৬ এম পি ছেন্সৰ আৰু ৮ এম পি আল্ট্ৰা ৱাইড লেন্স সংযুক্ত কৰা হ'ব। ২০২১ত এক নতুন ৰূপত বজাৰত মুকলি কৰি দিয়া হ'ব মট'ৰলা নিঅ' ।