নিউজ ডেস্ক, 22 এপ্ৰিলঃবুধবাৰে ফেচবুকে ঘোষণা কৰে যে, তেওঁলোকে 5.7 বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰিব ভাৰতীয় উদ্যোগ প্ৰতিষ্ঠান ৰিলায়েন্স জিঅ'ত। ভৰতীয় হিচাপত এই ধনৰ পৰিমাণ 43,574 কোটি টকা । এই বিনিয়োগেৰে ফেচবুকে মুকেশ আম্বানীৰ মালিকানাধীন ৰিলায়েন্স জিঅ'ৰ 9.9 শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিব । যিকোনো টেকন্ল'জি কোম্পানীৰ দ্বাৰা কম সংখ্যক অংশীদাৰিত্বৰ বাবে ইমান অধিক পৰিমাণৰ বিনিয়োগ এয়াই বিশ্বত প্ৰথম ।
আনহাতে ৰিলায়েন্সৰ পৰা প্ৰকাশিত আন এক বিবৃতিত উল্লেখ কৰে যে,ফেচবুকে জিঅ'ৰ 4.62 লাখ কোটি টকাৰ প্ৰি-মানি এন্টাৰপ্ৰাইজৰ মূল্যৰ (65.95 বিলিয়ন আমেৰিকান ডলাৰ,প্ৰতি ডলাৰত 70 টকা হিচাপত ) প্লেটফৰ্মত বিনিয়োগ কৰিব ।
জিঅ' প্লেটফৰ্ম সম্পূৰ্ণ মালিকানাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰি লিমিটেডৰ সহায়ক কোম্পানী,যিয়ে ডিজিটেল সেৱা প্ৰদান কৰি আহিছে । ৰিলায়েন্স জিঅ' ইন্ফকাম লিমিটেডৰ চাস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 388 মিলিয়ন । এই কোম্পানীটোৱে বেলেন্স ছিট নাইকিয়া কৰিবলৈ ৰণনীতি হিচাপে কৌশলগত ভাৱে অংশীদাৰিত্ব বিক্ৰী কৰিব বিচাৰিছিল ।
চাউদি আৰামকোক 20 শতাংশ অংশীদাৰিত্ব 15 বিলিয়ন আমেৰিকান ডলাৰত বিক্ৰীৰ বাবে ৰিলায়েন্সে কথা পাতিছে । তেলৰ পৰা ৰাসায়নিক ব্যৱসায়লৈ সকলোকে সামৰি ল'ব এই অংশীদাৰিত্বই । আনহাতে পৰৱৰ্তী বৰ্ষত ঋণহীন ব্যৱসায়ৰ বাবে ইন্ধনৰ ব্যৱসায়ত BP Plcৰ সৈতে সহযোগিতা কৰিছে । ৰিলায়েন্স জিঅ'ই গুগ'লৰ সৈতেও কথা পাতিছে,কিন্তু কি বিষয় লৈ কথা পাতিছে সেয়া স্পষ্টকে জানিব পৰা হোৱা নাই ।