নেশ্বনেল ডেস্ক, 11 জানুৱাৰীঃভাৰতে মালয়েচিয়াৰ পৰা আমদানিকৃত অপৰিশোধিত পাল্ম তেলৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পিচতে বৃদ্ধি পাইছে ৰন্ধন পৰিশোধিত তেলৰ মূল্য ৷ বিগত মাহৰ তুলনাত বৃদ্ধি পাইছে 15 শতাংশ মূল্য ৷ মাল্টি কম'ডিটি এক্সেঞ্জৰ অন্তৰ্গত অপৰিশোধিত পাল্ম তেলৰ (চিপিঅ') সামগ্ৰী শুকুৰবাৰে বজাৰত বিক্ৰী কৰা হয় ৷ জানুৱাৰী মাহত চিপিঅ' মূল্য প্ৰতি কিলোত 839.80 টকা ধাৰ্য কৰা হৈছে ৷ উল্লেখ্য যে, এমাহৰ পূৰ্বে চিপিঅ'ৰ 10 ডিচেম্বৰত মাল্টি কম'ডিটি এক্সেঞ্জত মূল্য আছিল প্ৰতি কেজিত 731.40 টকা ৷
উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবচাইটত প্ৰকাশ কৰা মূল্য তালিকাত দিল্লীত প্ৰতি কেজি সৰিয়হৰ তেলত 12 শতাংশ মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ 10 ডিচেম্বৰ 2019 ত প্ৰতি কেজি সৰিয়হৰ তেলৰ খুচুৰা মূল্য আছিল 124 টকা, ইয়াৰ পৰিবৰ্তে 2020 চনৰ জানুৱাৰীৰ 10 তাৰিখে 12 টকা পৰিবৰ্তিত হৈ 136 টকা হয় ৷ একেদৰে পাল্ম তেলৰ ক্ষেত্ৰতো দেখা গ'ল মূল্য বৃদ্ধি ৷ প্ৰতি কেজি পাম তেলৰ মূল্য 91 টকাৰ পৰা 105 টকালৈ বৃদ্ধি হয় ৷ আনহাতে 16 টকা বৃদ্ধি হোৱা দেখা গ'ল ছয়াবিন তেলৰ ক্ষেত্ৰত ৷ পূৰ্বৰ 106 টকাৰ পৰা 122 টকালৈ বৃদ্ধি পোৱা দেখা গ'ল ছয়াতেলৰ মূল্য ৷