অসম

assam

ETV Bharat / business

নেপাল আৰু বাংলাদেশৰ খোৱাতেলৰ আমদানিৰ দ্বাৰা ভাৰতৰ ৰাজহৰ বৃহৎ ক্ষতি - সীমা শুল্কৰ পৰা সম্পূৰ্ণ অব্যাহতিৰ সুযোগ

সীমা শুল্কৰ পৰা সম্পূৰ্ণ অব্যাহতিৰ সুযোগ গ্ৰহণ ৷ চৰকাৰক কঠোৰ হোৱাৰ আহ্বান ছলভেন্ট এক্সট্ৰাকটৰ এছোচিয়েন(SEA)ৰ সভাপতি অতুল চতুৰ্বেদীৰ ৷

Edible oil imports from Nepal, Bangladesh harming revenues

By

Published : Oct 23, 2019, 8:12 PM IST

নিউজ ডেস্ক,23 অক্টোবৰ: নেপাল আৰু বাংলাদেশৰ পৰা প্ৰতিমাহে কৰা মিঠাতেলৰ আমদানিৰ ফলত ভাৰত চৰকাৰে 50 কোটি টকাৰ ৰাজহ ক্ষতিৰ সম্মুখীন হৈছে ৷ লগতে ভাৰতীয় সৰিয়হ খেতিয়কসকলেও বিস্তৰ লোকচানৰ সম্মুখীন হৈছে ৷ মঙলবাৰে এক উদ্যোগ সংস্থাই এইদৰে দাবী উত্থাপন কৰিছে ৷

"ছাৰ্কৰ অধীনত থকা পাঁচখন কম উন্নত দেশক ভাৰতে সীমা শুল্কৰ পৰা সম্পূৰ্ণ অব্যাহতি দিছে ৷ ইয়াৰে সুযোগ গ্ৰহণ কৰি নেপাল আৰু বাংলাদেশৰ পৰা খেজুৰ আৰু চয়াবিন তেলৰ প্ৰচুৰ পৰিমাণে আমদানি কৰা হৈ আছে ৷ ছলভেন্ট এক্সট্ৰাকটৰ এছোচিয়েন(SEA)ৰ সভাপতি অতুল চতুৰ্বেদীয়ে এক বিজ্ঞপ্তিত কোৱা অনুসৰি, নেপালৰ খেজুৰ তেলৰ উৎপাদন নাই আৰু চয়াবিনৰো উৎপাদন একেবাৰে তাকৰ ৷

সভাপতিগৰাকীয়ে কয় যে, খেজুৰৰ তেল ইন্দোনেছিয়া বা মালয়েছিয়াত উৎপাদিত হয় আৰু দক্ষিণ আমেৰিকাক চয়াবিন তেলৰ উৎপাদনৰ কেন্দ্ৰ বুলি কোৱা হয় ৷ SEAয়ে শূণ্য শুল্কৰ খাদ্যৰ আমদানিৰ ক্ষেত্ৰত ভাৰত চৰকাৰক কঠোৰ হ'বলৈ আহ্বান জনায় ৷

SEAৰ তথ্য অনুযায়ী মালয়েছিয়াৰ পৰা অহা খেজুৰ তেলৰ ওপৰত বহনযোগ্য অতি মজুত তথা সংৰক্ষিত শুল্ক আৰোপ কৰাৰ ফলত যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা চলিত বৰ্যৰ ছেপ্টেন্বৰলৈ উদ্ভিদজাত তেলৰ আমদানি 13 শতাংশ কমি 13.03 লাখ টনলৈ নামে ৷ অৱশ্যে, 2018ৰ নৱেম্বৰ মাহৰ পৰা 2019ৰ ছেপ্টেম্বৰ মাহলৈ উদ্ভিদজাত তেলৰ আমদানি সামগ্ৰিকভাৱে বৃদ্ধি হৈ 14.17 মিলিয়ন টন হৈছে ৷

ABOUT THE AUTHOR

...view details