নিউজ ডেস্কঃ মুখ্য অৰ্থনৈতিক উপদেষ্টা কে ভি সুব্ৰমণিয়ামে শুকুৰবাৰে কয় যে, বিনিয়োগ বৃদ্ধিৰ বাবে চৰকাৰে কৰ্পৰেট কৰ হ্ৰাস কৰাত গুৰুত্ব দিছে ৷ লগতে তেওঁ কয় যে,"কৰ্পৰেট টেক্স বিনিয়োগৰ বাবে গুৰুত্বপূৰ্ণ" ৷
বিগত কেইবাটাও ত্ৰিমাশিকত উন্নয়ন পূৰ্বৰ দৰে হোৱা নাই বুলি উল্লেখ কৰে মুখ্য অৰ্থনৈতিক উপদেষ্টা গৰাকীয়ে ৷ সেয়ে চৰকাৰে বিনিয়োগৰ ওপৰত গুৰুত্ব দি বিনিয়োগকাৰীক যাতে আকৰ্ষণ কৰিব পাৰে তাৰ বাবেই এই ব্যৱস্থা কৰাৰ সিন্ধান্ত লোৱা বুলি সদৰি কৰে সুব্ৰমণিয়ামে ৷