নিউজ ডেস্ক, ২ মে' :দেশৰ বিভিন্ন জনগোষ্ঠীৰ দ্বাৰা উৎপাদিত সাধাৰণ বনজ সম্পদৰ এমএছপি বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । কেন্দ্ৰীয় চৰকাৰে এক বিশেষ আৰু অধিক জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কোভিড-১৯ মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে । লকডাউনৰ সময়ছোৱাত জনগোষ্ঠীসমূহক আৰ্থিক সহায় তথা তেওঁলোকৰ উৎপাদিত সাধাৰণ বনজ সম্পদৰ উচিত মূল্য দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।
বনজ উৎপাদনৰ নূন্যতম সহায়কাৰী মূল্য বৃদ্ধি কৰিব চৰকাৰে - জনগোষ্ঠীয় পৰিক্ৰমা মন্ত্ৰালয়
কোভিড-১৯ মহামাৰীৰ সংকটৰ সময়তে কেন্দ্ৰীয় চৰকাৰে নূন্যতম সহায়কাৰী মূল্য চমুকৈ এমএছপিৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । বিভিন্ন জনগোষ্ঠীৰ দ্বাৰা উৎপাদিত সাধাৰণ বনজ সম্পদৰ এমএছপি বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । উল্লেখ্য যে, সাধাৰণ বনজ সম্পদৰ ক্ষেত্ৰত প্ৰতি তিনিবছৰত এবাৰ চোৱাচিতা কৰা হয় এমএছপি ।
উল্লেখ্য যে, সাধাৰণ বনজ সম্পদ উৎপাদন (MFP)ৰ ওপৰত প্ৰতি তিনিবছৰত এবাৰ সংশোধন কৰা হয় এমএছপি । জনগোষ্ঠীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা গঠিত মূল্য নিৰ্ধাৰণকাৰী সমিতিয়ে এই সকলোবোৰ দিশ চোৱাচিতা কৰে । কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত আঁচনিৰ দ্বাৰা ৪৯টা এমএফপি সামগ্ৰীৰ শেহতীয়া এমএছপিৰ ক্ষেত্ৰত থকা নীতিসমূহ শিথিল কৰি দিয়াৰ লগতে ইয়াৰ মূল্য বৃদ্ধি কৰি জনগোষ্ঠীয় লোকসকলৰ বাবে সহায়ৰ কথা ঘোষণা কৰে চৰকাৰে । দেশৰ ২০ খনকৈ ৰাজ্যৰ পৰা এমএফপি সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ এইদৰে ১৬ৰ পৰা ৬৬ শতাংশলৈ এমএছপি বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।
লগতে পঢ়কঃকাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ কৰ'ণা সজাগতামূলক কাৰ্টুনৰাজি