নতুন দিল্লী, 2 এপ্ৰিলঃবুধবাৰে প্ৰকাশিত ডেলইটৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, কৰ'ণা ভাইৰাচৰ সংকটে ভাৰতীয় বেংকিং খণ্ডত ব্যাপক সমস্যাৰ সৃষ্টি কৰিব । লগতে উদ্যোগ আৰু উচ্চ হাৰৰ ঋণৰ ক্ষেত্ৰটো জটিলতাই দেখা দিব ।
"ভাৰতীয় উপভোক্তা বজাৰত কোভিড-19 ৰ প্ৰভাৱ" শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি দেশৰ অৰ্থব্যৱস্থাত পৰা প্ৰভাৱৰ বাবে অস্থায়ীভাবে যোগান শৃংখলডালত ব্যৱধান আহি পৰিব । গোলকীয় আৰু ঘৰুৱা চাহিদাও ক্ষতিগ্ৰস্থ হ'ব আৰু বিত্তীয় ক্ষেত্ৰ খনৰ সমস্যা বাঢ়িব অৰু তেলৰ মূল্যও হ্ৰাস পাব ।