নিউজ ডেস্ক, 8 এপ্ৰিলঃ আন্তৰ্জাতিক শ্ৰমিক সংস্থাই মঙলবাৰে প্ৰকাশ কৰা এক প্ৰতিবেদনত কয় যে, কৰ'ণা ভাইৰাচৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতেয়ে ভাৰতৰ অসংগঠিত শ্ৰমিক সকলক গভীৰ বিপদত পেলাব । এই সকল শ্ৰমিকক দৰিদ্ৰতাৰ কৰাল গৰাহলৈ ঠেলি দিব এই পৰিস্থিতিয়ে ।
শ্ৰমজীৱি লোকৰ ক্ষেত্ৰত COVID- 19ৰ প্ৰভাৱ ভাৰতে তিনি সপ্তাহৰ বাবে লক ডাউন ঘোষণা কৰিছিল । 14 এপ্ৰিললৈ চলিব এই লকডাউন । কিন্তু ভাৰত এই লকডাউনৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতি মোকাবিলা কৰিবলৈ ভাৰত শক্তিশালী নহয় ।- প্ৰতিবেদনখনত উল্লেখ আছে এইদৰে ।
প্ৰতিবেদন খনত আৰু কয় যে, "ভাৰতত 90 শতাংশ লোকে অসংগঠিত অৰ্থনীতিৰ ক্ষেত্ৰত কাম কৰে । তাৰ ভিতৰত 400 মিলিয়ন শ্ৰমিকক এই সংকটময় পৰিস্থিতিয়ে দৰিদ্ৰতাৰ গ্ৰাসলৈ লৈ যোৱাৰ ভয় আছে ।"
অৰ্থনীতিত COVID- 19ৰ প্ৰভাৱ প্ৰতিবেদনখনে লগতে কয় যে, দেশখনে দুৰ্যোগৰ পৰা ৰক্ষা, প্ৰাকৃতিক দুৰ্যোগৰ লগত মোকাবিলা , ইত্যাদি বিভিন্ন সমস্যাৰ মুখামুখি হৈ আহিছে ।
লগতে উল্লেখ কৰে, COVID-19 ৰ পৰা উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে ভাৰতবৰ্ষ সম্পূৰ্ণ ৰূপে প্ৰস্তুত আৰু সামৰ্থ নহয় ।
শ্ৰমজীৱি লোকৰ ক্ষেত্ৰত COVID- 19ৰ প্ৰভাৱ বিশেষকৈ স্বাস্থ্য আৰু পৰিচ্ছন্নাতৰ ক্ষেত্ৰত সুবিধা কম আছে । সামাজিৰ সুৰক্ষা আৰু কাম সমূহত সতৰ্কতা দুৰ্বল , অনুষ্ঠান সমূহো পৰ্যাপ্ত ধৰণে শক্তিশালী নহয় ।
আন্তৰ্জাতিক শ্ৰমিক সংস্থাই আৰু কয় যে, COVID-19 মহামাৰীয়ে কাম কৰাৰ সময় আৰু গোলকীয় আয়ত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে । ভিন্ন আয়ৰ লোকৰ ক্ষেত্ৰত ই ভিন্ন ধৰণে প্ৰভাৱ পেলোৱা দেখা গৈছে ।
COVID-19 ৰ প্ৰভাৱত অত্যাধিকভাৱে 2020 চনৰ শেষৰ ফালে নিবণুৱাৰ সংখ্যা সমগ্ৰ বিশ্বতে বাঢ়িব বুলি প্ৰকাশ কৰিছে ।
আনহাতে এক নতুন অধ্যয়নত পোৱা তথ্য মতে, বিশ্বৰ 1.25 বিলিয়ন শ্ৰমিক "কঠোৰ আৰু সৰ্বনাশী" কাম য'ত অধিক লোকচানৰ আশংকা থাকে তেনে কামত নিয়োজিত আছে । য'ত কম কৌশলী আৰু কম পইচাত কাম কৰা শ্ৰমিক আছে । হঠাৎ অহা বিপদে এই শ্ৰেণীৰ লোক সকলক সৰ্বাধিক ক্ষতি কৰিব । আনহেতে ৰাষ্ট্ৰ সংঘই কৈছে যে, দ্বিতীয় বিশ্বযুদ্ধৰ পাচত এইয়া সৰ্ববৃহৎ গোলকীয় সংকট ।