অসম

assam

ETV Bharat / business

মেক্সিকোত স্থগিত কৰ'ণা বিয়েৰৰ উৎপাদন

মেক্সিকান চৰকাৰে অপ্ৰয়োজনীয় সামগ্ৰীৰ উৎপাদনৰ কাম বন্ধ ৰখা নিৰ্দেশ জাৰী কৰাৰ পাচতেই সামহিক ভাৱে স্থগিত কৰা হৈছে কৰ'ণা বিয়েৰ প্ৰস্তুতৰ কাম ।

By

Published : Apr 3, 2020, 4:44 PM IST

মেক্সিকোত স্থগিত কৰ'ণা বিয়েৰৰ উৎপাদন
মেক্সিকোত স্থগিত কৰ'ণা বিয়েৰৰ উৎপাদন

নিউজ ডেস্ক, ৩ এপ্ৰিলঃমেক্সিকোতো অব্যাহত আছে কৰ'ণা ভাইৰাছৰ প্ৰকোপ । মেক্সিকোত স্বাস্থ্যৰ প্ৰতি জৰুলীকালিন পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাচতেই মেক্সিকান চৰাকৰে অপ্ৰয়োজনীয় সামগ্ৰীৰ উৎপাদনৰ কাম বন্ধ ৰখা নিৰ্দেশ জাৰী কৰি সামহিক ভাৱে বৃহস্পতিবাৰে বন্ধ কৰা হয় কৰ'ণা বিয়েৰ উৎপাদনৰ কাম । গ্ৰুপো মডেলো হৈছ এটা বিয়েৰ কোম্পানী যাৰ ব্ৰেণ্ডৰ অন্তৰ্গত আছে Corona, Pacifico and Modelo ।

কৰ'ণা ভাইৰাছ মহামাৰীৰ প্ৰসাৰ ৰোধ কৰিবলৈ বিগত সপ্তাহত আগন্তক ৩০ এপ্ৰিললৈ সকলো অপ্ৰয়োজনীয় কাম বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে মেক্সিকো চৰকাৰে । এই চৰকাৰৰ নিৰ্দেশ মৰ্মেই বিয়েৰ প্ৰস্তুতৰ কাম বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

এক বিবৃত্তি যোগে কোম্পানীটোৱে উল্লেখ কৰে, আমি আমাৰ উৎপাদন সৰ্বনিম্ন কৰাৰ চেষ্টা কৰিছো । চৰকাৰে কৃষিভিত্তিক উৎপাদনৰ কাম অব্যাহত ৰখাৰ অনুমতি প্ৰদান কৰিছে ।

গ্ৰুপো মডেলোই লগতে কয়, চৰকাৰৰ অনুমতি পালে আমি ৭৫ শতাংশ কৰ্মচাৰীৰ সৈতে ঘৰৰ পৰাই বিয়েৰ প্ৰস্তুত কৰাৰ কাম কৰাৰ বাবে সাজু আছিলো ।

মেক্সিকোৰ অন্যান্য বিয়েৰ কোম্পানী হেনকেন যি Tecate and Dos Equis ব্ৰেণ্ড প্ৰস্তুত কৰে শুকুৰবাৰে এইসকল লোকৰো সকলো কাৰ্য বন্ধ কৰা হ'ব পাৰে ।

কৰ'ণা ভাইৰাছৰ খবৰ বিয়পি পৰাৰ পাছৰে পৰাই কৰ'ণা বিয়েৰক লৈ নানান ব্যাংগ্যাত্মক আৰু মীম ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈছে । আনহাতে আমেৰিকাত ৪০ শতাংশ বিক্ৰী হ্ৰাস হৈছে বুলিও প্ৰকাশ পাইছে । অৱশ্যে এই কথা খণ্ডন কৰিছে কৰ'ণা বিয়েৰ প্ৰস্তুত কৰা স্বত্বাধিকাৰী কৰ্ণেল লেবেলে । মেক্সিকোটো কৰ'ণা ভাইৰাছৰ তাণ্ডৱ অব্যাহত আছে । ১,৫০০ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৫০ গৰাকী লোক মৃত্যুমুখত পৰিছে ।

কভিড-19ঃ শীঘ্ৰেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক

ABOUT THE AUTHOR

...view details