নিউজ ডেস্ক, 13 এপ্ৰিলঃ ভাৰতীয় উদ্যোগীক পৰিসংঘ চমুকৈ CII য়ে দেওবাৰে উদ্যোগ মুকলি কৰাৰ ক্ষেত্ৰত এক পৰামৰ্শ আগবঢ়াই । "ধীৰ আৰু পৰিকল্পিত" পদ্ধতিৰে উদ্যোগ সমূহ মুকলি কৰিবলৈ পৰামৰ্শআগবঢ়াই । কৰ'ণা ভাইৰাচ সংক্ৰমণৰ ভিত্তিত কৰি চৰকাৰে নিৰ্ণয় কৰা ভৌগলিক অঞ্চল যেনে, ৰেড জ'ন, গ্ৰীণ জ'ন আৰু এম্বাৰ জ'নৰ ওপৰত লক্ষ ৰাখি "ধীৰ আৰু পৰিকল্পিত" দৃষ্টিভংগী ল'বলৈ আহ্বান জনায় ।
বস্ত্ৰ উদ্যোগ, ফাৰ্মাচি, খাদ্য উদ্যোগ, খনিজ আৰু ধাতু উদ্যোগ, ই-কমাৰ্চ, অটোমবাইল উদ্যোগ, আৰু ৰাসায়নিক উদ্যোগ সমূহ খোলাৰ প্ৰয়োজন আছে বুলি ভাৰতীয় উদ্যোগীক পৰিসংঘৰ প্ৰতিবেদনত প্ৰকাশ পায় ।
আনহাতে লকডাউনৰ ফলত হোৱা ক্ষতিৰ বাবে চৰকাৰক সহায্য পেকেজ ঘোষণা কৰাৰ পোষকতা কৰিছে এই প্ৰতিবেদনে ।
লক ডাউনত উদ্যোগ সমূহ খোলাৰ ক্ষেত্ৰত এক ৰণনীতিৰ প্ৰস্তাৱ দাখিল কৰে । য'ত উদ্যোগৰ গুৰুত্ব অনুযায়ী তিনিটা ভাগত ভাগ কৰি মুকলি কৰাৰ পৰামৰ্শ দিছে ।