অসম

assam

ETV Bharat / business

কৃষক আৰু এমএছএমই খণ্ডক ঋণ প্ৰদান কৰিব চেন্ট্ৰেল বেংকে

চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াই দেশৰ অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া এন্টাৰপ্ৰাইজৰ বাৰ্ষিক মুলধনৰ ওপৰত ভিত্তি কৰি জৰুৰীকালীনভাৱে ১০ শতাংশ ঋণ দিয়াৰ কথা ঘোষণা কৰিছে । ৫০ কোটিলৈকে সৰ্বাধিক ঋণ প্ৰদান কৰিব বুলি বেংকটোৱে প্ৰকাশ কৰিছে ।

By

Published : Apr 30, 2020, 11:29 AM IST

কৃষক আৰু এমএছএমই খণ্ডক ঋণ প্ৰদান কৰিব চেন্ট্ৰেল বেংকে
কৃষক আৰু এমএছএমই খণ্ডক ঋণ প্ৰদান কৰিব চেন্ট্ৰেল বেংকে

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃমাইক্ৰ', স্মল আৰু মিডিয়াম খণ্ডৰ এন্টাৰপ্ৰাইজৰ বাবে বহুকেইটা আঁচনিৰ কথা প্ৰকাশ কৰিছে চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াই । ইয়াৰ লগতে আত্মসহায়ক গোট আৰু কৃষকসকলৰ বাবেও ঋণ প্ৰদান কৰিব বুলি বুধবাৰে বেংকটোৱে প্ৰকাশ কৰিছে ।

এমএছএমই খণ্ডৰ বাবে তেওঁলোকৰ বাৰ্ষিক আয়ৰ ওপৰত ভিত্তি কৰি জৰুৰীকালীনভাৱে ১০ শতাংশলৈ ক্ৰেডিট প্ৰদান কৰিব বেংকটোৱে । এই ঋণৰ পৰিমান সৰ্বাধিক ৫০কোটিলৈকে প্ৰদান কৰিব বেংকটোৱে । ১৮ মাহৰ সময়সীমাৰ ভিতৰত এই ঋণ প্ৰদান কৰিব বেংকটোৱে । জুন ৩০, ২০২০লৈকে গ্ৰাহকসকলে এই সুবিধা লাভ কৰিব ।

আনহাতে কিষাণ ক্ৰেডিট কাৰ্ড থকা সকলক খেতি, পুখুৰী, পশুপালন, দুগ্ধ উৎপাদন আদি খণ্ডৰ বাবে ১০ হাজাৰৰ পৰা ৫০ হাজাৰলৈ ঋণ প্ৰদান কৰিব বেংকটোৱে । বিগত এবছৰৰ সমীক্ষা লক্ষ্য কৰি বেংকে গ্ৰাহকসকলক এইদৰে ঋণ প্ৰদান কৰিব বুলি জনাইছে । আনহাতে আত্মসহায়ক গোটৰ বাবে ৫হাজাৰৰ পৰা ১ লাখলৈকে ঋণ প্ৰদান কৰিব বেংকটোৱে । চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈকে কৃষিখণ্ড আৰু আত্মসহায়ক গোটৰ সৈতে জড়িতসকলে বেংকটোৰ পৰা ঋণ লাভ কৰিব পাৰিব বুলি জনাইছে বেংকটোৰ পৰিচালন সঞ্চালকে ।

লগতে পঢ়কঃGeM ৰ জৰিয়তে কৰ'ণা ভাইৰাছৰ চিকিৎসা সামগ্ৰী ক্ৰয়ৰ বাবে চৰকাৰৰ 159 কোটি ব্যয়

ABOUT THE AUTHOR

...view details