নিউজ ডেস্ক, 23 মে': কানাড়া বেংকে COVID-19ৰ ফলত প্ৰভাৱান্বিত হোৱা ঋণ গ্ৰহণকাৰী সকলক সহায়ৰ কৰাৰ কথা ঘোষণা কৰে ।
কানাড়া বেংকে দ্ৰুত ঋণ প্ৰদানেৰে অৰ্থনৈতিক ক্ষেত্ৰত সৃষ্টি হোৱা তৰল সমস্যা সমূহ দূৰ কৰাৰ চেষ্টা কৰিব । এই ঋণ প্ৰদানৰ ফলত ঋণ গ্ৰহণকাৰীয়ে কৰ্মচাৰীক দৰমহা দিয়া, মজুৰি দিয়া, বৈদ্যুতিক মাচুল পৰিশোধ কৰা, ভাডা় প্ৰদান ইত্যাদিৰ ক্ষেত্ৰত থকা খেলিমেলিবোৰ দূৰ কৰিব পাৰিব ।
ইতিমধ্যে বেংকটোৱে 6 লাখ ঋণৰ অনুমোদন প্ৰকাশ কৰিছে । কৃষি, খুচুৰা বজাৰ, আৰু SHG ত দিব লগীয়া এই ঋণৰ পৰিমাণ প্ৰায় 43000 কোটি টকা ।