নিউজ ডেস্ক, 12 এপ্ৰিলঃ ঘৰুৱা ইকুইটি বেন্সমাৰ্ক বোম্বে ষ্টক এক্সেঞ্জ শুকুৰবাৰে পুৱাৰ ভাগত 106.69 পইন্ট উৰ্ধগামী হয় ৷ বিশেষকৈ ইনফচিচ্ আৰু টাটা কন্সালটেঞ্চি চাৰ্ভিচৰ অংশীদাৰিত্ব বিক্ৰীৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবেই শুকুৰবাৰে পুৱাৰ ভাগত বোম্বে ষ্টক এক্সেঞ্জত এই উত্থান দেখিবলৈ পোৱা গৈছে ৷ টি চি এচ আৰু ইনফচিচৰ বিক্ৰীৰ পৰিমাণ 0.81 শতাংশ বৃদ্ধি পৰিলক্ষিত হয় ৷
শুকুৰবাৰে 106 পইন্ট উন্নতিৰে চেনচেক্সৰ বজাৰ আৰম্ভ - economy
106.06 অংক অৰ্থাৎ উৰ্ধগামী হৈ মুঠ 38,713 পইন্টলৈ উন্নীত হৈছে শ্বেয়াৰ বজাৰ ৷ ইফালে নেচ্নেল ষ্টক এক্সেঞ্জত নিফ্টি 21.75 অংক অৰ্থাৎ 0.19 শতাংশ উৰ্ধগামী হয়
আনহাতে লাভৰ ক্ষেত্ৰত এচিয়ান পেইন্ট, ভাৰতী এয়াৰটেল , টাটা ষ্টিল, য়েচ বেংক, ছান ফাৰ্মা, এইচ্ চি এল টেক্ আৰু মাৰুটিয়ে 1.04 শতাংশলৈ লাভ অৰ্জন কৰিছে ৷ ইফালে টাটা মটৰ্চ্, এল এণ্ড টি, এইড্চ ডি এফ চি, বাজাজ অ'টো, এচ বি আই, ক'ল ইণ্ডিয়া, আই টি চি য়ে 0.50 শতাংশ লাভ অৰ্জন কৰিছে ৷ শুকুৰবাৰৰ দিনটোত শ্বেয়াৰ বজাৰত বোম্বে ষ্টক এক্সেইঞ্জ পূৰ্বতকৈ 106.06 অংক অৰ্থাৎ 0.28 শতাংশ উৰ্ধগামী হৈ মুঠ 38,713 পইন্টলৈ উন্নীত হৈছে ৷ ইফালে নেচ্নেল ষ্টক এক্সেঞ্জত নিফ্টিয়ে 21.75 অংক অৰ্থাৎ 0.19 শতাংশ উন্নতি লাভ কৰিছে ৷ পুৱাৰ ভাগত নিফ্টিৰ মুঠ পইন্ট হৈছে 11,618.45