নিউজ ডেস্ক, 17 জুনঃ ই-কমাৰ্চৰ ব্যৱসায়িক প্ৰতিষ্ঠান আমাজন হৈছে ভাৰতীয় সকলৰ প্ৰথম পচন্দ ৷ "ৰেণ্ডষ্টেড এম্প্লয়াৰ ব্ৰেণ্ড ৰিছাৰ্ছ 2019" নামৰ গৱেষণাই প্ৰকাশ কৰিছে এই তথ্য ৷ সোমবাৰে প্ৰকাশিত তথ্য অনুসৰী অধিক দা-দৰমহা, অতি শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ আদিৰ লগতে প্ৰতিষ্ঠানটোৰ উচ্চ মৰ্যদাৰ বাবে প্ৰথম পচন্দ হৈ পৰে আমাজন ব্ৰেণ্ড ৷ গৱেষণাটো অনুসৰি আমাজনৰ পিছতেই পচন্দ কৰা আন দুটা প্ৰতিষ্ঠান হল ক্ৰমে মাইক্ৰছফ্ট ইণ্ডিয়া আৰু ছ'নী ৷
আনহাতে গৱেষণাটোৰ তথ্য অনুসৰী আন আকৰ্ষণীয় ব্ৰেণ্ড সমূহ হৈছে-
- মাৰ্ছেডিছ ব্ৰেঞ্জ- চতুৰ্থ
- আই বি এম- পঞ্চম
- লাৰছেন এন্ টাৰ্ব'- ষষ্ঠ
- নেছ্লে- সপ্তম
- ইনফ্চিছ- অষ্টম
- ছেমছাং- নৱম
- ডেল- দশম