অসম

assam

ETV Bharat / business

শুকুৰবাৰৰ পৰা সংসদৰ বাজেট অধিৱেশন - সংসদৰ বাজেট অধিৱেশন

শুকুৰবাৰে অনুষ্ঠিত হ’ব সংসদৰ বাজেট অধিৱেশন ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দুয়োখন সদনৰ উপস্থিত সদস্যসকলক সম্বোধন কৰাৰ পিছতেই আৰম্ভ কৰা হ’ব বাজেট অধিৱেশন ৷ অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰিব 11 ফেব্ৰুৱাৰীত, আনহতে অধিৱেশনৰ দ্বিতীয় পৰ্যায় হ’ব 2 মাৰ্চত আৰম্ভ হৈ 3 এপ্ৰিল’ত অন্ত পৰিব ৷

Budget Session of Parliament to commence on Friday
শুকুৰবাৰে অনুষ্ঠিত হ’ব সংসদৰ বাজেট অধিৱেশন

By

Published : Jan 31, 2020, 10:15 AM IST

নেশ্বনেল ডেক্স,31 জানুৱাৰীঃশুকুৰবাৰে আৰম্ভ হ’ব সংসদৰ বাজেট অধিবেশনৰ ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উপস্থিত দুয়োখন সদনৰ সদস্যসকলক সম্বোধন কৰাৰ পিছতেই আৰম্ভ কৰা হ’ব বাজেট অধিৱেশন ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে শুকুৰবাৰে দিনৰ 11 বজাত সংসদৰ কেন্দ্ৰীয় গৃহত ভাষণ প্ৰদান কৰিব ৷ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়েও ৰাজ্যসভাৰ প্ৰমূখ নেতাসকলৰ সৈতে নিজ বাসগৃহত এখন বৈঠকত মিলিত হ’ব ৷ আনহাতে, কেন্দ্ৰীয় বাজেটখন শনিবাৰে উত্থাপন কৰা হ’ব ৷

অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰিব 11 ফেব্ৰুৱাৰীত, আনহতে অধিৱেশনৰ দ্বিতীয় পৰ্যায় 2 মাৰ্চত আৰম্ভ হৈ 3 এপ্ৰিল’ত অন্ত পৰিব ৷ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যবাহী সমিতিৰ সভাখন সংসদৰ গ্ৰন্থাগাৰত শুকুৰবাৰে দিনৰ 2 বজাত অনুষ্ঠিত হ’ব ৷ লগতে নেচনেল ডেম’ক্ৰেটিক এলায়েঞ্চ(NDA) ৰ সভাখন শুকুৰবাৰে দিনৰ 3.30 বজাত সংসদৰ গ্ৰন্থাগাৰত অনুষ্ঠিত কৰা হ’ব ৷ বৃহস্পতিবাৰে বাজেত অধিৱেশনৰ পূৰ্বে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এখন সৰ্ব্বদলীয় বৈঠক আহ্বান কৰে ৷ উক্ত বৈঠকত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাজনাথ সিং, থাৱৰ চান্দ গেহলোট, অৰ্জুন মেঘৱাল, ভি মুৰলীধৰণৰ লগতে, BJDৰ প্ৰসন্ন আচাৰ্য, NCPৰ সাংসদ সুপ্ৰিয়া চুলে, কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰী,RJD নেতা মনোজ ঝা ৷

উক্ত বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, সাংসদসকলে অৰ্থনৈতিক বিষয়সমূহৰ ওপৰত কৰিব বিচৰা অলোচনাৰ দাবীৰ ওপৰত শাসনাধীন চৰকাৰখনে অধিৱেশনৰ সময়েতেই মুক্তভাৱে আলোচনা কৰিব ৷ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী গৰাকীয়ে সৰ্ব্বদলীয় এই বৈঠকখনত দেশৰ অৰ্থনৈতিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে সাংসদসকলে প্ৰদান কৰা বিভিন্ন উপদেশসমূহক আদৰণি জনায় ৷ "কেইবাগৰাকীয়ো সাংসদে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনক সামৰি প্ৰয়োজনীয় আলোচনাৰ উপদেশ প্ৰদান কৰিছে ৷ মই এই পৰামৰ্শক আদৰণি জনাইছো, আমি সকলোৱে আপোনালোকে আগবাঢ়োৱা উপদেশসমূহৰ ওপৰত আলোচনা কৰিম ৷" প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় ৷ প্ৰধানমন্ত্ৰীয়ে সংসদীয় সদস্য সকলক আহ্বান জনায় যে, বিশ্ব অৰ্থনীতিৰ সামগ্ৰীক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতে কেনেদৰে আগবাঢ়ি যাব পাৰে তাৰ প্ৰতি লক্ষ্য দিয়া উচিত ৷ এই বাজেট অধিৱেশনত চলিত বৰ্ষতে আমি কেনেদৰে দেশৰ অৰ্থনীতিক এটা গতি প্ৰদান কৰিব পাৰো তেনেহলে ই আমাৰ দেশৰ স্বাৰ্থৰ অনুকুল হ’ব ৷ প্ৰধানমন্ত্ৰী মোডীয়ে সদস্যসকলে উত্থাপন কৰা অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহৰো মুকলি আলোচনাৰ বাবে সন্মতি প্ৰদান কৰে ৷

লগতে পঢ়ক-গুৱাহাটীত কেৰেলাৰ কলা-কৃষ্টি প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details