গুৱাহাটী, ৭ মাৰ্চঃ বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা ৰাজ্যিক বাজেট, 2020-21 সম্পৰ্কে বিশ্লেষণ আগবঢ়াইছে বিশিষ্ট অৰ্থনীতিবিদ ডঃ দেৱজিৎ মহন্তই ৷ ইটিভি ভাৰতৰ আগত তেওঁ কয় যে বাজেটৰ আটাইতকৈ যোগাত্মক দিশটো হৈছে নুমলীগড় শোধনাগাৰলৈ ৰাজ্য চৰকাৰৰ অংশদাৰীত্ব বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্ত ইয়াৰ ফলত চৰকাৰৰ ৰাজহ বৃদ্ধি পাব,কিন্তু চিন্তনীয় বিষয়টো হৈছে বাজেটত ঘোষিত আঁচনিসমূহৰ বাবে ধন ক'ৰ পৰা আহিব সেইটোহে । বিগত বাজেটত ঘোষিত আঁচনিসমূহৰ ৫০ৰ পৰা ৫২ শতাংশ পুঁজি আহিছিল কেন্দ্ৰীয় চৰকাৰৰ পৰা ।
বাজেটত ঘোষিত আচনিৰ ধন ক'ৰ পৰা আহিবঃ ডঃ দেৱজিৎ মহন্ত - budget reaction
আশা কৰা হৈছে কমেও ৫০ শতাংশ পুঁজি কেন্দ্ৰৰ পৰা পোৱা যাব । কিন্তু যোৱা সময়চোৱাত জি এছ টি আৰু প্ৰত্যক্ষ কৰ আশা কৰা মতে সংগ্ৰহ হোৱা নাই ।
ডঃ দেৱজিৎ মহন্ত
লগতে অৰ্থনীতিবিদ গৰাকীয়ে উল্লেখ কৰে,এইবাৰো আশা কৰা হৈছে কমেও ৫০ শতাংশ পুঁজি কেন্দ্ৰৰ পৰা পোৱা যাব। কিন্তু যোৱা সময়চোৱাত দেখা গৈছে জি এছ টি আৰু প্ৰত্যক্ষ কৰ আশা কৰা মতে সংগ্ৰহ হোৱা নাই। তেনেক্ষেত্ৰত এই আঁচনি সমূহৰ বাবে পুঁজি কি উৎসৰ পৰা আহিব সেয়া চিন্তনীয় বুলি মত ব্যক্ত কৰে বিশিষ্ট অৰ্থনীতিবিদ গৰাকীয়ে ।
লগতে পঢ়কঃ