হায়দৰাবাদ, 24 জানুৱাৰীঃআগন্তুক ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত উত্থাপন কৰিব প্ৰথমখন পূৰ্ণকালীন বাজেট ৷ কোটিপতিৰ পৰা সাধাৰণ জনতালৈ, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ সকলোৱে এইখন বাজেটৰ ওপৰত বিশেষ চকু ৰাখিব, যিখন বাজেটৰ ওপৰতে ভাৰতৰ নিম্নগামী অৰ্থনীতিৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে ৷ বিগত 11 বৰ্ষত ভাৰতীয় অৰ্থনীতি সৰ্বাধিক নিম্নগামী হৈছে, দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে, খাদ্যসামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সকলোকে কোঙা কৰিছে ৷ নিৰ্মাণখণ্ডৰ পৰা আৰম্ভ কৰি কৃষিখণ্ডৰ বিকাশ মাত্ৰ 3 শতাংশ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ ডাভোছত হোৱা বিশ্ব অৰ্থনৈতিক ফ'ৰাম সন্মিলনত শেহতীয়াকৈ প্ৰকাশিত ৱৰ্ল্ড ইক'নোমিক আউটলুক, গ্লৱেল চ'ছিয়েল মবিলিটী ইনডেক্স আৰু অক্সফেমৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ অৰ্থনৈতিক খণ্ডৰ বিকাশৰ গতি হ্ৰাস পাইছে আৰু ধনী-দুখীয়াৰ প্ৰভেদ আঁতৰ কৰিবলৈ হ'লে কংক্ৰীট সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে ৷
বাজেট 2020: অধিক বিনিয়োগ, সঠিক বিনিয়োগ কিদৰে প্ৰতিকাৰ সম্ভৱ হ'ব ?
চৰকাৰী খণ্ডত অধিক সংখ্যক বিনিয়োগ এক নিৰ্ভৰযোগ্য উপায় ৷ শেহতীয়াকৈ দেশত দেখা দিয়া অৰ্থনৈতিক মন্দাৱস্থাৰ মুলতে হৈছে যোগানৰ তুলনাত দেখা দিয়া অত্যধিক চাহিদা ৷ অন্য শব্দত, বজাৰত নিৰ্দিষ্ট পৰিমানে সামগ্ৰী আৰু সেৱাসমূহ উপলব্ধ থকাৰ পিচটো জনসাধাৰণৰ হাতত থকা ক্ৰয়ৰ অসক্ষমতা ইয়াৰ এক অন্যতম কাৰণ হিচাপে দেখা দিছে ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক প্ৰতিবেদনত গ্ৰাহকৰ বিশ্বাসযোগ্যতা, ব্যৱসায়ৰ বিশ্বাসযোগ্যতা আৰু উদ্যোগৰ বিশ্বাসযোগ্যতাৰ হ্ৰাসেই দেশৰ অৰ্থনৈতিক অৱস্থা নিম্নগামী হৈছে ৷ সেয়েহে অৰ্থনৈতিক অৱস্থা পুনৰুত্থান কৰিবলৈ এইখন প্ৰতিবেদনৰ যথেষ্ট গুৰুত্ব আছে ৷ 2019ত আৰবিআইয়ে প্ৰমুখ সূদৰ হাৰ (ৰেপো ৰেট) 135 আধাৰ সংখ্যাত 1.35 শতাংশলৈ কম কৰিবলৈ গৃহ আৰু বাহন ক্ৰয়ৰ ঋণত সূদৰ হাৰ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছিল ৷ কিন্তু, দুৰ্ভাগ্যবশত এই নীতিয়ে এতিয়ালৈ কোনো কাম নিদিলে যদিও সময়ত ই কিছু ফলাফল দেখুৱাবলৈ সক্ষম হ'ব পাৰে ৷ সেই অনুসৰিয়ে, বৰ্তমান সময়ত বিভিন্ন ক্ষেত্ৰত সাৰ্বজনিক বিনিয়োগ আৰু ব্যয়ক এক নিৰ্দিষ্ট সময়ৰ ভিতৰত বঢ়াই নিবলৈ আগন্তুক বাজেটত উল্লেখ কৰাটো উচিত হ'ব ৷
ৰাজকীয় ঘাটিৰ কল্পনাঃ
সহজ ভাষাত, ৰাজকীয় ঘাটিয়ে এটা বিত্তীয় বৰ্ষত এখন চৰকাৰে লোৱা ধাৰকে সূচায় ৷ অৰ্থাৎ চৰকাৰৰ আয় আৰু খৰচৰ মাজৰ পাৰ্থক্যই হৈছে ৰাজকীয় ঘাটি ৷ যদিহে অত্যধিক চৰকাৰী ব্য়য়ে ৰাজকীয় ঘাটি বৃদ্ধি কৰাৰ লগতে মূল্যবৃদ্ধিকে ধৰি বিকাশৰ ধাৰা সীমিত কৰি তোলাত সহায় কৰে ৷ এই সম্পৰ্কত এইটো লক্ষণীয় যে, ক্ষমতাৰ ব্যৱহাৰ উচ্চতম স্তৰত উপনীত হোৱাৰ লগতে অত্যধিক চৰকাৰী খৰচে মূল্যবৃদ্ধিৰ দৰে অৱস্থা সৃষ্টি কৰিব ৷ ক্ষমতাৰ ব্যৱহাৰ তেতিয়ালৈকে কৰিব লাগে যেতিয়ালৈকে ই নিজৰ সক্ষমতাৰ ভিতৰত থাকে ৷ কিন্তু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰতিবেদনত অৰ্থনীতিৰ ব্যৱহাৰ নিম্নগামী হৈ সঠিক দিশত হোৱা নাই বুলি উল্লেখ কৰা হয় ৷ যাৰ বাবে চৰকাৰী ব্যয়ে বহুটো নিয়োগৰ সৃষ্টি কৰাৰ লগতে ৰাইজৰ হাতত অত্যধিক আয় প্ৰদান কৰিবলৈ সক্ষম হ'ব, যাক পৰৱৰ্তী স্তৰত ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব ৷ ইয়াৰ দুগুন ব্যৱহাৰে অৰ্থনীতিক ৰক্ষা কৰিবলৈ সক্ষম হ'ব ৷ ইয়াৰ দ্বাৰা পৰৱৰ্তী সময়ত ব্যৱসায়িক সক্ষমতা বৃদ্ধি হৈ আয়কৰ ৰাজহ আৰু বিত্তীয় ব্যৱস্থাক উন্নত কৰিবলৈ সক্ষম হ'ব ৷ সেয়ে ৰাজকীয় ঘাটিক লৈ চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই, এয়া আমাৰ উন্নত ভৱিষ্যতৰ মূল্য ৷
খণ্ডসহকাৰে বিনিয়োগঃ যেতিয়ালৈকে আমি খৰচ কৰিম নে নকৰিম তাক লৈ নিশ্চয়তা আহিব তেতিয়াই প্ৰশ্ন উত্থাপন হ'ব, আমি ক'ত খৰচ কৰিম ৷ কৃষি হৈছে এনে এটা খণ্ড, য'ত অত্যধিক চৰকাৰী বিনিয়োগে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব ৷ 2002-11 চনৰ 4.4 শতাংশৰ তুলনাত 2012-18 চনলৈ কৃষিখণ্ডৰ আয় প্ৰতি জনমুৰি আয়ৰ শতাংশত 3.1 শতাংশলৈ হ্ৰাস হৈছিল ৷ এইহাৰে কৃষিখণ্ডৰ আয়ত স্থৱিৰতা অহাটোৱে উপভোগৰ ক্ষেত্ৰত নিম্নগামী প্ৰভাৱ পেলায় ৷ আমাৰ হাতত থকা কাম হৈছে এইটো খণ্ডৰ আয়ৰ মাত্ৰা বৃদ্ধি কৰা ৷ ইয়াক গ্ৰামীণ আন্তঃগাঁথনি আৰু যোগান শৃংখলাত মূল্য সংযোজনে সফল কৰি তুলিব পাৰে ৷ আন্তঃগাঁথনিৰ লগতে গ্ৰাম্য পটভূমিৰ পৰিৱৰ্তনে দেশৰ অৰ্থনীতিৰ পুনৰুত্থানত বহুখিনি প্ৰভাৱ পেলাব ৷ অৰ্থনৈতিক মন্দাৱস্থা দুৰ কৰিবলৈ এয়া কোনো ৰূপৰ চামুচৰ দিহা নহয়, কিন্তু সম্পদক এক বিকল্প হিচাপে লৈ অন্যান্য দিশসমূহেৰে এই নীতিত সমাপন কৰিব লাগিব ৷ এয়া সময় হৈছে বিনিয়োগৰ আৰু বিনিয়োগৰ তুলনাত সঠিক বিনিয়োগ হৈছে উত্তম উপায় ৷
প্ৰৱন্ধকাৰ: ডঃ মহেন্দ্ৰ বাবু কুৰুভা, সহকাৰী অধ্যাপক, এইচএনবি গাড়ৱাল কেন্দ্ৰীয় বিশ্ববিদ্যালয়, উত্তৰাখণ্ড ৷
(লেখকৰ অভিমত)