অসম

assam

By

Published : Jan 25, 2020, 7:21 PM IST

ETV Bharat / business

বাজেট, 2020: সুতৰ আয়ৰ বৃদ্ধি হোৱাত ৰেহাইৰ হাৰ লাঘৱত হাহাকাৰ

আয়কৰ বিশেষজ্ঞসকলে বিশেষকৈ ৰেহাই আৰু কৰ্তনৰ হাৰত একেবাৰে নিম্ন সম্ভাৱনীয়াৰ পৰিৱৰ্তন হৈ থকা আয়কৰৰ ক্ষেত্ৰত সাধাৰন জনতাৰ বাবে আহিবলগীয়া বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ পৰা অধিক ৰেহাই আশা কৰিছে ৷

বাজেট, 2020: সুতৰ আয়ৰ বৃদ্ধি হোৱাত ৰেহাইৰ হাৰ লাঘৱত হাহাকাৰ
বাজেট, 2020: সুতৰ আয়ৰ বৃদ্ধি হোৱাত ৰেহাইৰ হাৰ লাঘৱত হাহাকাৰ

হায়দৰাবাদ, 25 জানুৱাৰীঃ কেন্দ্ৰীয় বাজেটৰ দিন চমু চাপি অহাৰ সময়তে আয়কৰ প্ৰদানকাৰীসকলৰ মাজত ৰেহাইক লৈ অধিক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে ৷ বিগত বৰ্ষত সাধাৰন নিৰ্বাচনৰ পূৰ্বে, নৰেন্দ্ৰ মোডী নেতৃত্বধীন চৰকাৰে, মধ্যবৰ্গীয় কৰপ্ৰদানকাৰীসকলৰ বাবে আয়কৰ আইনৰ ধাৰা 87A সংশোধন কৰি ৰেহাই বৃদ্ধি কৰিছিল ৷ ইয়াৰ দ্বাৰা 5 লাখ টকাৰ বাৰ্ষিক উপাৰ্জনকাৰীসকলৰ বাবে কৰ ৰেহাই দিয়া হৈছিল ৷ তথাপিও আয়কৰ বিশেষজ্ঞসকলে বিশেষকৈ ৰেহাই আৰু কৰ্তনৰ হাৰত একেবাৰে নিম্ন সম্ভাৱনীয়াৰ পৰিৱৰ্তন হৈ থকা আয়কৰৰ ক্ষেত্ৰত সাধাৰন জনতাৰ বাবে আহিবলগীয়া বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ পৰা অধিক ৰেহাই আশা কৰিছে ৷

"মই ভাবো যে, চৰকাৰে, ছেভিংছ একাউন্ট আৰু ফিক্সড ডিপোজিটৰ দৰে সূতৰ আয়ত চৰকাৰে অধিক ৰেহাই প্ৰদান কৰিব ৷" নতুন দিল্লীস্থিত আয়কৰ বিশেষজ্ঞ কেকে মিট্টালে এইদৰে উল্লেখ কৰে ৷ বৰ্তমান সময়ত ছেভিংছ একাউন্ট আৰু ফিক্সড ডিপোজিটৰ দ্বাৰা বছৰি 50 হাজাৰ সূত লাভ কৰা 60 বছৰৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলক কৰৰ পৰা বাদ দিয়া হৈছে ৷ অৱশ্যে জ্যেষ্ঠ নাগৰিকক বাদ দি বাকীসকলৰ বাবে 1961 চনৰ আয়কৰ আইনৰ ধাৰা 80 TTAৰ অধীনত বছৰি মাত্ৰ 10 হাজাৰ সূত লাভ কৰাসকলক আয়কৰৰ আওতালৈ অনা হৈছে ৷ এয়া কেৱল ছেভিংছ একাউন্টৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব, অন্যান্যসকলৰ ক্ষেত্ৰত নহয় ৷ "50 হাজাৰ টকাত দিয়া ৰেহাই বয়সক বাদ দি সকলোৰে বাবে বাধ্যতামূলক কৰিব লাগে ৷" ইটিভি ভাৰতৰ আগত এইদৰে উল্লেখ কৰে কেকে মিট্টালে ৷ চৰকাৰে ছেভিংছ একাউন্ট আৰু ফিক্সড ডিপোজিটৰ সূতৰ আয়ৰ ওপৰত থকা পাৰ্থক্য আতৰাই সকলোৰে বাবে সমান কৰিব লাগে বুলিও তেওঁ লগতে উল্লেখ কৰে ৷ তেওঁ বিশ্বাস কৰে যে, গ্ৰাহক মূল্য সূচকাংকৰ তলত থকা সুতৰ আয় ফিক্সড টাৰ্ম ইন্ছট্ৰুমেন্ট, ফিক্সড ডিপোজিটৰ দৰে ক্ষেত্ৰত আয়কৰ ৰেহাই দিয়াটো এক শক্তিশালী পদক্ষেপ হ'ব ৷ "বেছিভাগ ক্ষেত্ৰতে ফিক্সড টাৰ্ম ইন্ছট্ৰুমেন্টৰ বাৰ্ষিক সূতৰ হাৰ 6-7% হোৱাৰ লগতে খুচুৰা মুদ্ৰাস্ফীতি সকলোৰে উৰ্ধত উঠিছে ৷" ছেভিংছ একাউন্ট আৰু ফিক্সড ডিপোজিটৰ পৰা বাস্তৱত আয় নহয় বুলি উল্লেখ কৰি তেওঁ এইদৰে উল্লেখ কৰে ৷

শেহতীয়া চৰকাৰী তথ্য অনুসৰি, বিগচ বৰ্ষৰ ডিচেম্বৰ মাহত খুচুৰা মুদ্ৰাস্ফীতিত গ্ৰাহক মূল্য সূচকাংক 7.35%লৈ হ্ৰাস হৈছিল যিটো, 2014 চনৰ জুলাই মাহত 7.39% আছিল ৷

প্ৰৱন্ধটো লিখিছে জ্যেষ্ঠ সাংবাদিক কৃষ্ণানন্দ ত্ৰিপাঠীয়ে ৷

ABOUT THE AUTHOR

...view details