দিল্লী, 24 জুনঃ 2019-20 বিত্তীয় বৰ্ষত বৃদ্ধি নহয় আয়কৰ ৰেহাইৰ সীমা ৷ সোমবাৰে এই কথা প্ৰকাশ কৰে বিত্ত মন্ত্ৰণালয়ে ৷
2019-20 বিত্তীয় বৰ্ষত বৃদ্ধি নহয় আয়কৰ ৰেহাইৰ সীমা
বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই কথা
আনহাতে, ইয়াৰ পূৰ্বে বিত্ত বিভাগে ঘোষণা কৰা অনুসৰি, আয়কৰ আইনৰ 87(ক)-ৰ অধীনত বছৰি পাঁচ লাখ টকা উপাৰ্জন কৰা লোকসকলৰ বাবে সম্পূৰ্ণৰূপে কৰ ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু বছৰি 5 লাখ টকা উপাৰ্জন কৰা সকলৰ কৰ শূণ্য হলেও টেক্স ৰিটাৰ্ণ দাখিল কৰিব লাগিব ৷
আনহাতে, 2.50 লাখৰ পৰা 5 লাখ টকা উপাৰ্জন কৰা লোকসকলৰ আয়কৰ ৰেহাইৰ সীমা বৃদ্ধি কৰাৰ ক্ষেত্ৰত নতুন বিত্তমন্ত্ৰীক লৈ কৰ্মচাৰীসকল আশাবাদী যদিও, যদিহে আয়কৰ ৰেহাইৰ সীমা বৃদ্ধি কৰা হয় তেন্তে অন্তৱৰ্তীকালীন বাজেটখনৰ উদ্দেশ্যত ব্যাঘাতৰ সৃষ্টি হ'ব ৷ আনহাতে, এই ঘোষণাৰ লগে লগে মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালত 10 লাখলৈ উপাৰ্জন কৰা লোকসকলৰ কৰ 10 শতাংশৰ পৰা 20 শতাংশলৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে ৷