অসম

assam

বৈদ্যুতিক বাহনত হ্ৰাস GST : 12% ৰ পৰা 5% লৈ হ্ৰাস

By

Published : Jul 27, 2019, 1:55 PM IST

12% ৰ পৰা 5% GST হ্ৰাস কৰা হৈছে বৈদ্যুতিক বাহনত ৷ এই ঘোষণা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ৷

বৈদ্যুতিক বাহনত হ্ৰাস GST : 12% ৰ পৰা 5% লৈ হ্ৰাস

বিজনেছ ডেস্ক, 27 জুলাই : চলিত বৰ্ষৰ 1 আগষ্টৰ পৰা বৈদ্যুতিক বাহনত 12% ৰ পৰা 5% GST হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে GST কাউন্সিলে ৷ বৈদ্যুতিক বাহনৰ লগতে বৈদ্যুতিক বাহনৰ চাৰ্জাৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হোৱাকৈ 18% ৰ পৰা 5% GST হ্ৰাস কৰা হৈছে ৷ ইয়াৰোপৰি, স্থানীয় প্ৰশাসনে বৈদ্যুতিক বাছত বিনিয়োগৰ ক্ষেত্ৰতো GST ৰেহাই ঘোষণা কৰা হৈছে ৷

বৈদ্যুতিক বাহনত হ্ৰাস GST : 12% ৰ পৰা 5% লৈ হ্ৰাস

বিত্ত মন্ত্ৰণালয়ত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে 36 সংখ্যক GST কাউন্সিল মীটত অংশগ্ৰহণ কৰে ৷ এই বৈঠকত উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী (বিত্ত) অনুৰাগ ঠাকুৰ ৷ উল্লেখ্য যে, বাজেট বৈঠকতে GST হ্ৰাস সন্দৰ্ভত মন্তব্য কৰিছিল সীতাৰমণে ৷ জুলাই 5 তাৰিখৰ কেন্দ্ৰীয় বাজেটৰ পাছত এইয়া প্ৰথম খন GST কাউন্সিল মীট ৷

ABOUT THE AUTHOR

...view details