মুম্বাই, 11 এপ্ৰিলঃ2020 বিত্তীয় বৰ্ষত বেংক ক্ৰেডিট বিকাশৰ হাৰ হ্ৰাস হৈ 6.14 শতাংশ হয় । 31 মাৰ্চত সামৰণি পৰা বিত্তীয়বৰ্ষ 2020 ৰ বাবে আছিল এই হাৰ । বিগত পাচটা দশকৰ পিচত এইয়া আছিল সৰ্বনিম্ন হাৰ । অস্থিৰ হৈ পৰা দেশৰ অৰ্থনীতি, বেংক সমূহৰ মাজত চাহিদা কমি যোৱা আৰু 'ৰিস্ক' লব নিবিচৰা বিপৰ্যয়ৰ বাবে বেংক ক্ৰেডিট বিকাশ হ্ৰাস পাই । ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে এই তথ্য ।
1962 চনত ঋণৰ পৰিমান বৃদ্ধিৰ ফলত বেংক ক্ৰেডিট বিকাশৰ হাৰ 5.38 শতাংশ হৈছিল । বৰ্তমান এই বিপৰ্যয়ত অন্য কাৰকৰ লগতে মুখ্যত কৰ'ণা ভাইৰাচৰ প্ৰভাৱ বিদ্যমান ৷