নেশ্যনেল ডেস্ক, ৭ জুন: মহামাৰী কৰ'ণা ভাইৰাছৰ ফলত হোৱা আৰ্থিক সংকটৰ পৰা সমগ্ৰ বিশ্বৰে চৰকাৰ, ব্যৱসায়ী সংস্থা আৰু প্ৰতিজন নাগৰিকে মুক্ত হব বিচাৰে । কোভিড-১৯ৰ পিছৰ সময়ছোৱাৰ বাবে সকলোৰে সহযোগিতাৰে এক নতুন সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।
ৱৰ্ল্ড ইক'নোমিক ফ'ৰাম (WEF)ৰ প্ৰতিবেদন অনুসৰি, কোভিড-১৯ৰ পিছত বিশ্বব্যাপী পৰিৱৰ্তন আনিবলৈ ১ বিলিয়নৰো অধিক উপভোক্তা, চতুৰ্থ শিল্পদ্যোগৰ পৰিৱৰ্তনৰ দিশত গুৰুত্ব দিব লাগিব । লগতে চীন, ভাৰত আৰু ASEANৰ দেশসমূহৰ বজাৰত গ্ৰাহকৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব ।
প্ৰতিবেদনত উল্লেখ কৰা মতে, বজাৰমূল্য বৃদ্ধিৰ কেন্দ্ৰীকৰণ কৰা হৈছে, যত বিশ্বৰ ৪০ শতাংশতকৈও অধিক গ্ৰাহকক অন্তৰ্ভুক্ত কৰা হৈছে । WEFৰ এই অধ্যয়ন ২০১৭ চনত চীনক লৈ আছিল, ২০১৮ বৰ্ষত ভাৰতৰ অধ্যয়ন আৰু অন্তিম ২০১৯-২০ বৰ্ষত ASEANৰ দেশসমূহৰ অধ্যয়ন কৰা হ'ব ।