বিজনেছ ডেস্ক, ৯ মাৰ্চ :বিশ্বৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান এপলয়ে (Apple) মুকলি কৰিলে নতুন আইপেড । মঙলবাৰে এক অনুষ্ঠানত কেইবাটাও নতুন সংযোজনেৰে এই টেবলেটতো মুকলি কৰে (New Apple iPad Air launched) । 5G আৰু M1 processor ৰ সৈতে মুকলি কৰা এই iPad Air ৰ অৱশ্যে বহুখিনি ডিজাইন পূৰ্বৰ মডেলৰ দৰেই আছে ।
৫৯৯ আমেৰিকান ডলাৰ আৰম্ভণি মূল্যৰ সৈতে এই মডেলত ৱাই ফাই সুবিধা আছে ৷ য'ত USB-C প'ৰ্টৰ সৈতে ১০ জিবিপিএছ গতিত ডাটা স্থানান্তৰ কৰিব পৰা যাব । ৱাই-ফাই আৰু চেলুলাৰ সংস্কৰণৰ মূল্য ৭৪৯ আমেৰিকান ডলাৰ হ'ব । পাৱাৰ বুটামত বিল্ট-ইন টাচ আইডি থকা টেবলেটতো ১৮ মাৰ্চৰ পৰা গ্ৰে (Gray), গুলপীয়া, বেঙুনীয়া, নীলা আৰু ৰূপালী আৰু সোণালী ৰঙৰ সৈতে উপলব্ধ হ'ব যাক এপলে "ষ্টাৰলাইট" বুলি অভিহিত কৰিছে ।
এপল টেবলেটৰ সন্মুখত এটা আপডেট ১২-মেগাপিক্সেল চেন্সৰ আছে আৰু ইফালে ইয়াক এনেদৰে ডিজাইন কৰা হৈছে যাতে কলিঙৰ সময়ত ব্যৱহাৰকাৰীক স্বয়ংক্ৰিয়ভাৱে ফ্ৰেমত ৰাখিব পৰা যায় । নতুন আইপেড এয়াৰৰ বেক কেমেৰা ১২ মেগাপিক্সেলৰ । ৫০০ নিট ব্ৰাইটনেচৰ সৈতে ১০.৯ ইঞ্চি ডিচপ্লে পিকৰ সৈতে আইপেড এয়াৰে এইচডিআৰ (HDR) সমৰ্থন কৰে । কিন্তু ProMotion ৰ কথা ইয়াত উল্লেখ কৰা হোৱা নাই ।