অসম

assam

ETV Bharat / business

অনুজ আগৰৱাল ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰনৰ অধ্যক্ষ নিৰ্বাচিত - কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ নতুন অধ্যক্ষৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছে অনুজ আগৰৱালে ৷ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য ৷

অনুজ আগৰৱাল

By

Published : Aug 1, 2019, 7:56 PM IST

নিউজ ডেস্ক, 1 আগষ্টঃ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে দেশৰ বিমানবন্দৰ প্ৰাধিকৰনৰ নতুন অধ্যক্ষৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছে অনুজ আগৰৱালে ৷ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষ ডঃ গুৰুপ্ৰসাদ মহাপাত্ৰৰ অৱসৰৰ পিচতেই বিভাগটোৰ মানৱ সম্পদ উন্নয়ন গোটৰ জ্যেষ্ঠ বিষয়াগৰাকী অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰা হয় ৷

অনুজ আগৰৱাল ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰনৰ অধ্যক্ষ নিৰ্বাচিত

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে প্ৰকাশ কৰা অধিসূচনা অনুসৰি, 31 জুলাই অৱসৰ লোৱা প্ৰাধিকৰনৰ অধ্যক্ষ ডঃ গুৰুপ্ৰসাদ মহাপাত্ৰৰ ঠাইত পৰৱৰ্তী নিৰ্দেশ নহালৈকে তিনিমাহৰ বাবে অনুজ আগৰৱালক অধ্যক্ষ নিযুক্ত কৰা হৈছে ৷ ডিচেম্বৰ 2014ত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৈতে জড়িত হৈছিল অনুজ আগৰৱাল ৷ বিটছ পিলানীৰ পৰা অভিযান্ত্ৰিকতাৰ শিক্ষাগ্ৰহণ কৰা আগৰৱাল 25বছৰটোকৈয়ো অধিক কাল বিমান পৰিবহন খণ্ডত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট ৷

ABOUT THE AUTHOR

...view details