বিজনেছ ডেস্ক, 27 এপ্ৰিল : ই-কমাৰ্ছ সেৱা এমাজন ইণ্ডিয়াই সোমবাৰে ভাৰতীয় ৰেলৱে'ৰ সৈতে পাৰ্টনাৰশ্বিপ গঢ়াৰ কথা জানিবলৈ দিয়ে ৷ এমাজন ইণ্ডিয়াৰ বিবৃতি অনুসৰি, ৰাষ্ট্ৰজোৰা লক ডাউনৰ সময়ছোৱাত ৰেলৱে'ৰ সহায়ত এমাজনে 55 টা মাৰ্গেৰে গ্ৰাহকলৈ খৰটকীয়া সেৱা আগবঢ়াব ৷ যোৱা বছৰ 13 টা মাৰ্গেৰে চহৰসমূহৰ ভিতৰত পৰিবহনৰ জৰিয়তে ই-কমাৰ্ছ পেকেজ সেৱা প্ৰদানৰ বাবে ৰেলৱে'ৰ সৈতে পাৰ্টনাৰশ্বিপ গঢ়িছিল এমাজন ইণ্ডিয়াই ৷
এমাজন ইণ্ডিয়াৰ বিবৃতি অনুসৰি,ভাৰতীয় ৰেলৱে'ই ঘোষণা কৰা'COVID-19 Parcel Special Trains'ৰ জৰিয়তে লক ডাউনৰ সময়ছোৱাত 55 টা মাৰ্গেৰে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হ'ব ৷
উল্লেখ্য যে,ভাৰতীয় ৰেলৱে'ই ৰেলৱে' বৰ্ড আৰু বিভিন্ন ৰেলৱে' সংমণ্ডলৰ সহযোগত দেশৰ বিভিন্ন অঞ্চলত অত্যাৱশ্যকীয় সেৱা প্ৰদান কৰি আহিছে ৷ এমাজন ইণ্ডিয়াৰ সঞ্চালক (এমাজন পৰিবহন সেৱা) অভিনৱ সিঙে কয় যে, COVID-19 Parcel Special trainৰ জৰিয়তে দেশৰ বিভিন্ন অঞ্চলত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যোগান ধৰিব পৰা যাব ৷ ৰেলৱে'ৰ সৈতে পাৰ্টনাৰশ্বিপ গঢ়াৰ ফলত সামগ্ৰীসমূহ খৰটকীয়াকৈ যোগান ধৰিব পৰা যাব বুলি মন্তব্য কৰে সিঙে ৷