অসম

assam

By

Published : May 2, 2020, 3:51 PM IST

ETV Bharat / business

ই কমাৰ্চ কোম্পানীয়ে গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনাৰ ভুল বাখ্যা আগবঢ়াইছেঃ CAIT

ই-কমাৰ্চে কৰা গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনাৰ ভুল বাখ্যা সম্পৰ্কত যুক্তি আগবঢ়াই বাণিজ্য সংস্থা CAIT য়ে । সংস্থাটোৱে কয় যে, নিজৰ সুবিধাৰ বাবে গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনাৰ ভুল বাখ্যা আগবঢ়াই বিভিন্ন ৰাজ্যত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ই কমাৰ্চে।

CAIT
CAIT

নিউজ ডেস্কঃ "গ্ৰীণ" আৰু "অৰেঞ্জ" জ'নত ই-কমাৰ্চক লেপটপ-ৰিফ্ৰেজিৰেটৰকে ধৰি সকলো ধৰণৰ অনা-অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰীৰ বাবে অনুমতি প্ৰদান কৰাত বহু লোকে সকাহ লাভ কৰাৰ লগতে লক্ষাধিক ক্ষুদ্ৰ আৰু মধ্যমীয়া ব্য়ৱসায়ী লাভাবান্বিত হ'ব বুলি মন্তব্য কৰে ই-উদ্যোগিক বিষয়া এগৰাকীয়ে ।

আনহাতে, বাণিজ্যিক সংস্থা CAIT য়ে ই কমাৰ্চ কোম্পানীয়ে গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনাৰ ভুল বাখ্যা আগবঢ়োৱা বুলি কয় আৰু নিজৰ সুবিধাৰ বাবে ভিন্ন ৰাজ্যত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰে ।

চৰকাৰে লক ডাউন 3 মে'ৰ পৰা 17 মে' লৈ বৃদ্ধি কৰিছে । এই সময়চোৱাত বিমান, ৰে'ল আৰু আন্তঃৰাজ্যিক বাছৰ চলাচলত বাধা আৰোপ কৰা হৈছে । আনহাতে সীমিত অঞ্চলত লোকৰ চলাচল আৰু ব্যৱসায়ৰ ক্ষেত্ৰত শিথিলতা দিছে । আৰু "ৰেড জ'ন"ত কেৱল অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদানৰ বাবেহে ই কমাৰ্চক অনুমতি প্ৰদান কৰিছে ।

চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই ই-কমাৰ্চে কয় যে, "গ্ৰীণ" আৰু "অৰেঞ্জ জ'ন"ত লক ডউনৰ ফলত জনসাধাৰণে ক্ৰয় কৰিব নোৱাৰা সামগ্ৰীৰ যোগান ধৰিব পাৰিব । ইয়াৰ ফলত ক্ষুদ্ৰ আৰু মধ্যমীয়া ব্যৱসায়ীও লাভাবান্বিত হ'ব বুলি কয় ।

লগতে তেওঁলোকে চৰকাৰক ই-কমাৰ্চৰ প্ৰতি সকাৰাত্মক দৃষ্টিভংগী লৈ "ৰেড জ'ন"ত লোকৰ প্ৰয়োজন অনুসৰি সামগ্ৰী যোগানৰ বাবে অনুমতি দিবলৈ আহ্বান জনাই ।

আনহতে বাণিজ্যিক সংস্থা CAIT ৰ সম্পাদক প্ৰবীন খাণ্ডেৱালে কয় যে, নিজৰ সুবিধাৰ বাবে ই- কমাৰ্চে গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনাৰ ভুল বাখ্যা আগবঢ়াইছে । লগতে তেওঁ উল্লেখ কৰে ৰেড জ'নত কেৱল অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদানৰ অনুমতি আছে, কিন্তু নিৰ্দেশনাটোত "গ্ৰীণ" আৰু "অৰেঞ্জ" জ'নত অনা-অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ ক'তো উল্লেখ নাই ।

ই কমাৰ্চৰ কেতবোৰ প্ৰতিস্থানে কয় যে, লেপটপ, মবাইল আদি সামগ্ৰী বিতৰণৰ সুবিধা পালে বহু লোকে সকাহ পাব । তেওঁলোকে অনলাইলত ক্ৰয় কৰি ঘৰৰ পৰাই কাম কৰা বা পঢ়াৰ সুবিধা পাব । লগতে গৰমৰ প্ৰকোপ বৃদ্ধি হোৱাত এচি, ফ্ৰীজ আদি সামগ্ৰীয়েও মানুহক উপকৃত কৰিব ।

ABOUT THE AUTHOR

...view details