অসম

assam

ETV Bharat / business

উৰি থাকিবনে জেট এয়াৰৱেজ?

প্ৰায় 8 হাজাৰ কোটি টকা ধাৰত ডুবি আছে জেট এয়াৰৱেজ ৷ ইতিমধ্যে দৰমহা লাভ নকৰাৰ বাবে জেট এয়াৰৱেজৰ পাইলট-কৰ্মচাৰীসকলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে ৷

উৰি থাকিবনে জেট এয়াৰৱেজ?

By

Published : Mar 26, 2019, 9:27 AM IST

Updated : Mar 26, 2019, 9:43 AM IST

নিউজ ডেস্ক, 26 মাৰ্চঃ তীব্ৰ আৰ্থিক সংকটত দেশৰ বিমানসেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান জেট এয়াৰৱেজ ৷ সোমবাৰে জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলে পত্নী অনিতা গোৱেলসহ পদত্যাগ কৰে ৷ মুম্বাইত অনুষ্ঠিত কোম্পানীটোৰ ব'ৰ্ডৰ এক জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

উৰি থাকিবনে জেট এয়াৰৱেজ?
কোম্পানীটোৰ স্বাৰ্থত প্ৰতিষ্ঠাপক নৰেশ গোৱেলে পদত্যাগ কৰা বুলি প্ৰকাশ কৰে ৷ জেটৰ স্বাৰ্থত কোনো ত্যাগেই ডাঙৰ নহয় বুলি মন্তব্য কৰে গোৱেলে ৷ উল্লেখযোগ্য যে প্ৰায় 8 হাজাৰ কোটি টকা ধাৰত ডুবি আছে জেট এয়াৰৱেজ ৷ ইতিমধ্যে দৰমহা লাভ নকৰাৰ বাবে জেট এয়াৰৱেজৰ পাইলট-কৰ্মচাৰীসকলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে ৷
Last Updated : Mar 26, 2019, 9:43 AM IST

ABOUT THE AUTHOR

...view details