অসম

assam

ETV Bharat / business

এয়াৰটেলৰ উপভোক্তাসকলৰ বাবে দুঃখবৰ

ভাৰতী এন্টাৰপ্ৰাইজৰ এগৰাকী সহকৰ্মী অখিল গুপ্তাৰ গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি সুনীল ভাৰতী মিট্টলে কয় যে, হয়টো আপোনালেকে 160 টকাৰ বৰ্তমান মূল্যত প্ৰতিমাহে 1.6 জিবি ডাটা লাভ কৰক অন্যথা আপোনালকে আৰু অধিক ব্যয় কৰিবলৈ সাজু হওক ৷ আমি আমেৰিকা ইউৰোপৰ দৰে 50-60 ডলাৰ বিচৰা নাই কিন্তু 16 জিবি ডাটাৰ বাবে 2 ডলাৰ বহনক্ষম নহয় ৷

Airtel wants to increase data prices to ₹100 per GB
এয়াৰটেলৰ উপভোক্তাসকলৰ বাবে দুঃখবৰ

By

Published : Aug 28, 2020, 10:53 AM IST

বিজনেছ ডেক্স, 28 আগষ্টঃ এয়াৰটেলৰ উপভোক্তাসকলৰ বাবে এক দুঃখবৰ ৷ অতিশীঘ্ৰে বৃদ্ধি পাব এয়াৰটেলৰ বিভিন্ন প্লেনসমূহৰ মূল্য ৷ এই কথা ঘোষণা কৰিছে ভাৰতী এয়াৰটেলৰ প্ৰতিস্থাতা তথা অধ্যক্ষ সুনীল ভাৰতী মিট্টলে ৷ যদি আপোনালোকে 45 টকা প্ৰতি মাহে ব্যয় কৰি আছে, এতিয়া আপোনালকে ব্যয় কৰিব লাগিব তাৰ দুগুন অৰ্থাৎ 100 টকা ৷

ভাৰতী এন্টাৰপ্ৰাইজৰ এগৰাকী সহকৰ্মী অখিল গুপ্তাৰ গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি সুনীল ভাৰতী মিট্টলে কয় যে, হয়টো আপোনালেকে 160 টকাৰ বৰ্তমান মূল্যত প্ৰতিমাহে 1.6 জিবি ডাটা লাভ কৰক অন্যথা আপোনালকে আৰু অধিক ব্যয় কৰিবলৈ সাজু হওক ৷ আমি আমেৰিকা ইউৰোপৰ দৰে 50-60 ডলাৰ বিচৰা নাই কিন্তু 16 জিবি ডাটাৰ বাবে 2 ডলাৰ বহনক্ষম নহয় ৷

লগতে পঢ়ক-উড়িশাত ধাৰাষাৰ বৰষুণৰ ফলত জলমগ্ন বহু অঞ্চল

মিট্টলে 16 জিবি ডাটা 160 টকাত পোৱাটো ট্ৰেজেডি আখ্যা দিয়ে আৰু কয় যে, উপভোক্তাসকলে এই মূল্যতে 1.6 জিবি ডাটা লাভ কৰা উচিত অথবা আৰু অধিক মূল্য প্ৰদান কৰা উচিত ৷ ইয়াৰ ফলত 1 জিব ডাটা বৰ্তমানৰ 10 টকাৰ সলনি 100 টকাত লাভ কৰিব পৰা যাব ৷ এইটোৱে ইয়াকে সূচাইছে যে অতিশীঘ্ৰে এক ডাঙৰ শুল্কবৃদ্ধি হ’বলৈ গৈ আছে ৷

উল্লেখ্য যে, এয়াৰটেলে বৰ্তমান 199 টকাত 28 দিনৰ বাবে 1 জিবি ডাটা প্ৰদান কৰি আহিছে ৷ মিট্টলৰ ঘোষণা অনুসৰি ডাটা বেনিফিট 10 গুন হ্ৰাস কৰি প্ৰতিমাহে 2.4 জিবি কৰাৰ সম্ভৱনা আছে ৷ মিট্টলে আৰু কয় যে, এগৰাকী উপভোক্তাৰ বাবে গড় ৰাহজ (ARPU)300 টকা হ’লেহে উদ্যোগটোক বহনক্ষম কৰিব পাৰে ৷ "আপেনালোকে উদ্যোগটোক বহনক্ষম কৰাৰ বাবে পৰৱৰ্তী 5-6 মাহত উপযুক্ত ARPU নিৰ্মান কৰিব লাগিব ৷ ছয় মাহৰ সমছোৱাত আমি 200 টকাৰ লক্ষ্য পাৰ কৰিব লাগিব ৷ এইক্ষেত্ৰত 250 টকা আদৰ্শ হ’ব ৷ "

লগতে পঢ়ক-1 চেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ‘বন্দে ভাৰত অভিযান’ৰ ষষ্ঠ পৰ্যায়

ABOUT THE AUTHOR

...view details