অসম

assam

ETV Bharat / business

ঘৰুৱা বিমানযাত্ৰাত অতিৰিক্ত 150 টকা সুৰক্ষা মাচুলঃ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়

চলিত বৰ্ষৰ এক জুলাইৰ পৰা দেশত নাথাকিব কোনোধৰণৰ যাত্ৰী সুৰক্ষা মাচুল ৷ বিমানযাত্ৰীয়ে ভৰি অহা যাত্ৰী সুৰক্ষা মাচুলৰ 130 টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা বিমান পৰিবহন সুৰক্ষা মাচুল নামে ভৰিব লাগিব 150 টকা ৷ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ৰ হৈ যুটীয়া সচিব উষা পাধীয়ে জাৰী কৰিছে এই নিৰ্দেশনা ৷

প্ৰতীকি ছবি

By

Published : Jun 8, 2019, 5:46 PM IST

নিউজ ডেস্ক, 8 জুনঃবিমানযাত্ৰা কৰি ভালপোৱা যাত্ৰীসকলে এতিয়াৰে পৰা ভৰিব লাগিব অতিৰিক্ত মাচুল ৷ পূৰ্বৰ যাত্ৰী সুৰক্ষা মাচুলৰ পৰিৱৰ্তে এতিয়াৰে পৰা যাত্ৰীৰ নামত প্ৰযোজ্য হ'ব বিমান পৰিবহন সুৰক্ষা মাচুল ৷ ইয়াৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে প্ৰদান কৰিছে সেউজ সংকেট ৷

প্ৰতিবেদনত প্ৰকাশিত তথ্য

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ হৈ যুটীয়া সচিব উষা পাধীয়ে এক নিৰ্দেশনা জাৰী কৰিছে ৷ নিৰ্দেশনাটোত সকলো ইণ্ডিয়ান এয়াৰলাইনচকে ধৰি সকলো অসামৰিক বিমান পৰিবহন সংস্থাক যাত্ৰী সুৰক্ষা মাচুলৰ 130 টকাৰ পৰিৱৰ্তে বিমান পৰিবহন সুৰক্ষা মাচুল নামে 150 টকাকৈ সংগ্ৰহ কৰিবলৈ কোৱা হৈছে ৷

লগতে পঢ়কঃ মুদ্ৰাস্ফীতিৰ পাচত ভাৰতত বৃদ্ধি হৈছে ই-ধনৰ ব্যৱহাৰ

অহা জুলাই মাহৰ এক তাৰিখৰ পৰাই সকলো অসামৰিক বিমান পৰিবহন সংস্থাই এই নতুন মাচুল সংগ্ৰহ কৰিবলৈ নিৰ্দেশনাটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে ৷ ঘৰুৱা বিমানযাত্ৰাত পৰিবহন কৰা বিদেশী যাত্ৰীৰ বাবে থকা 3.25 আমেৰিকান ডলাৰৰ বিপৰীতে এই মূল্য 4.85 আমেৰিকান ডলাৰ ধাৰ্য্য কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details