অসম

assam

ETV Bharat / business

STARTUP লৈ বাণিজ্য মন্ত্ৰণালয়ৰ 1,700 কোটি - বাণিজ্য

254 টা startupত SEBI পঞ্জীয়ণভুক্ত Alternative Investment Funds (AIF)য়ে এই পুঁজি যোগান ধৰিছে ৷ ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে 10,000 কোটি টকা ব্যয় সাপেক্ষে Fund of Funds for Startups (FFS) প্ৰতিষ্ঠা কৰিছে ৷

STARTUP লৈ বাণিজ্য মন্ত্ৰণালয়ৰ 1,700 কোটি

By

Published : Jul 25, 2019, 1:37 PM IST

বিজনেচ ডেস্ক, 24 জুলাই:254 টা startupত 1,700 কোটি টকা বিনিয়োগ লাভ কৰিছে ৷ বুধবাৰে বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে এই কথা প্ৰকাশ কৰে ৷ 254 টা startupত SEBI পঞ্জীয়ণভুক্ত Alternative Investment Funds (AIF)য়ে এই পুজিঁ যোগান ধৰিছে ৷ ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে 10,000 কোটি টকা ব্যয় সাপেক্ষে Fund of Funds for Startups (FFS) প্ৰতিষ্ঠা কৰিছে ৷ লোকসভাত এই কথা প্ৰকাশ কৰে মন্ত্ৰী গোয়েলে ৷ তেওঁ লগতে কয় যে Fund of Funds for Startups (FFS)য়ে startup সমূহত বিনিয়োগ আৰু funds যোগান ধৰাৰ প্ৰতি লক্ষ্য ৰাখিব ৷ তেওঁ জানিবলৈ দিয়ে যে Fund of Funds for Startups (FFS)ৰ কামত Department for Promotion of Industry and Internal Tradeয়ে চকু ৰাখিব আৰু ইয়াক পৰিচালনা কৰিব Small Industries Development Bank of India (SIDBI)য়ে ৷ 10,000 কোটি টকাৰ এই পুঁজি 14 আৰু 15 ফাইনেঞ্চিয়েল কমিচনত প্ৰদান কৰা হ’ব ৷ 10 জুলাই 2019 লৈ ইতিমধ্যে 3,123.20 কোটি টকা SEBI পঞ্জীয়ণভুক্ত Alternative Investment Funds (AIF)ক প্ৰদান কৰিছে ইয়াৰে 1,701.03 কোটি টকা Alternative Investment Funds (AIF)য়ে 254 টা startupত বিনিয়োগ কৰিছে আৰু 512.57 কোটি টকা Fund of Funds for Startupsৰ পৰা দিয়া হৈছে ৷

STARTUP লৈ বাণিজ্য মন্ত্ৰণালয়ৰ 1,700 কোটি

ABOUT THE AUTHOR

...view details