অসম

assam

ETV Bharat / budget-2019

2019 ৰ পূৰ্ণাংগ বাজেটত গুৰত্ব পাবনে স্বাস্থ্য খণ্ডই ! - নতুন নীতি

আগন্তুক 5 জুলাইত সংসদত উপস্থাপন কৰা হ'ব 2019 ৰ পূৰ্ণাংগ বাজেট ৷ নৱ নিযুক্ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিব এই পূৰ্ণাংগ বাজেট ৷ শুক্ৰবাৰে এই কথা সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ৷ শিক্ষা, কৃষি, প্ৰতিৰক্ষা ইত্যাদিবোৰৰ দৰে দেশৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খণ্ড স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত কি কি নতুন নীতি সংযোজন হব? সেইয়া হ'ব লক্ষণীয় বিষয়৷

2019 ৰ পূৰ্ণাংগ বাজেটত স্বাস্থ্য খণ্ডত কি নতুন নীতি সংযোজন হব?

By

Published : Jun 29, 2019, 9:08 PM IST

Updated : Jul 1, 2019, 7:47 PM IST

নিউজ ডেস্ক, 29 জুন: আগন্তুক 5 জুলাইত সংসদত উপস্থাপন কৰা হ'ব 2019 ৰ পূৰ্ণাংগ বাজেট৷ নৱ নিযুক্ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উপস্থাপন কৰিব এই পূৰ্ণাংগ বাজেট৷ শুক্ৰবাৰে এই কথা সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে৷ শিক্ষা, কৃষি, প্ৰতিৰক্ষা ইত্যাদিবোৰৰ দৰে দেশৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খণ্ড স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত কি কি নতুন নীতি সংযোজন হব? সেইয়া হ'ব লক্ষণীয় বিষয়৷

2019 ৰ পূৰ্ণাংগ বাজেটত স্বাস্থ্য খণ্ডত কি নতুন নীতি সংযোজন হব?

ভাৰতে ইয়াৰ মুঠ জনমুৰি আয়ৰ 1.4 শতাংশ বিনিয়োগ কৰে স্বাস্থ্যখণ্ডত৷ সেয়েহে বিশ্বৰ আন আন উন্নয়নশীল ৰাষ্ট্ৰ যেনে শ্ৰীলংকা(1.6%) আৰু ভূটান(2.5) ৰ তুলনাত এতিয়াও বহু পিছ পৰি আছে ভাৰত৷ কিন্তু এইক্ষেত্ৰত বৰ্তমানৰ শাসনাধীস্থ বিজেপি চৰকাৰখনৰ দিনত স্বাস্থ্যক্ষেত্ৰত বহু উন্নতি সাধন হোৱা পৰিলক্ষিত হৈছে৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে সংসদত উত্থাপন হোৱা অন্তৱৰ্তী বাজেটত মুঠ 61, 398 কোটি টকা স্বাস্থ্যখণ্ডৰ নামত আৱণ্টন কৰা হৈছিল, যিটো বিগত বৰ্ষৰ তুলনাত 16.3 শতাংশ অধিক৷

ডায়েবেটিচ, কেঞ্চাৰ, হৃদৰোগৰ দৰে ৰোগসমূহৰ প্ৰতিৰোধ আৰু উন্নত চিকিৎসাৰ বাবে চৰকাৰে অধিক মনোনিৱেশ কৰা আৰু ধন বিনিয়োগ কৰাটো নিতান্ত জৰুৰী৷ এইক্ষেত্ৰত ভাৰত চৰকাৰৰ আয়ুষমান ভাৰত যোজনাই অতি গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে যিটোৰ জৰিয়তে দেশৰ প্ৰতিটো পৰিয়ালকে 5 লাখ টকাৰ বীমা ব্যৱস্থা কৰা হৈছে৷ আৰু এই যোজনাই দেশৰ প্ৰায় 40 শতাংশ জনসংখ্যাক সামৰি লৈছে৷

Last Updated : Jul 1, 2019, 7:47 PM IST

ABOUT THE AUTHOR

...view details