অসম

assam

ETV Bharat / budget-2019

2019 বাজেটঃ ৰেড ব্ৰিফকেচৰ এক সুকীয়া ইতিহাস - NIRMALA SITARAMAN

বাজেটক লৈ এতিয়া সকলোৰে মাজত ব্যাপক উৎকণ্ঠা ৷ সংসদত বাজেটৰ দিন অহাৰ লগে-লগে সকলোৰে দৃষ্টি থাকে বিত্তমন্ত্ৰীৰ সেই বিশেষ ৰেড ব্ৰিফকেচটোলৈ ৷ অৱশ্যে এই বেগটোৰ এক সুকীয়া বৈশিষ্ট আছে সময়ৰ সোঁতত সলনি হৈ আহিছে ইয়াৰ আকৃতি,গঠন,ডিজাইন আৰু ৰং ৷

2019 বাজেটঃ ৰেড ব্ৰিফকেচৰ এক সুকীয়া ইতিহাস

By

Published : Jun 28, 2019, 9:39 PM IST

নিউজ ডেস্ক, 28 জুনঃ সন্মুখত বাজেট ৷ বাজেটক লৈ এতিয়া সকলোৰে মাজত ব্যাপক উৎকণ্ঠা ৷ সংসদত বাজেটৰ দিন অহাৰ লগে-লগে সকলোৰে দৃষ্টি থাকে বিত্তমন্ত্ৰীৰ সেই বিশেষ ৰেড ব্ৰিফকেচটোলৈ ৷ অৱশ্যে এই বেগটোৰ এক সুকীয়া বৈশিষ্ট আছে সময়ৰ সোঁতত সলনি হৈ আহিছে ইয়াৰ আকৃতি,গঠন,ডিজাইন আৰু ৰং ৷

ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে 2019-20 বৰ্ষৰ বিত্তীয় বাজেট ৷ ইতিমধ্যে চপা কৰা হৈছে বাজেটৰ সকলো যাৱতীয় বাজেটৰ নথি-পত্ৰ ৷ অহা 5 জুলাইত লোকসভা সদনত প্ৰথমবাৰৰ বাবে বাজেট উত্থাপন কৰিব ভাৰতৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ অৱশ্যে বাজেট উত্থাপনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা ৰেড ব্ৰিফকেচটোৰ আছে এক সুকীয়া ইতিহাস ৷ সময়ৰ সোঁতত বেগটোৰ আকৃতি,গঠন,ডিজাইন আৰু ৰং ইত্যাদি সলনি হৈ আহিছে ৷ স্বাধীনতাৰ পাচত ভাৰতৰ ভিন্ন বিত্ত মন্ত্ৰীয়ে বিভিন্ন ধৰণৰ বেগলৈ আহিছে ৷ কোনোবাই ৰঙা যদি কোনোবাই ক’লা ৰঙৰ ব্ৰিফকেচ ব্যৱহাৰ কৰি আহিছে ৷ বেগৰ ৰং নিৰ্ধাৰণ কৰাটোত আছে সম্পূৰ্ণ স্বাধীনতা ৷

কোন বিত্তমন্ত্ৰী কি বেগ ব্যৱহাৰ কৰিছিল আহক জানো..

  • পোন প্ৰথমবাৰৰ বাবে বাজেট উত্থাপন কৰিছিল 1947 চনত ভাৰতৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী আৰ কে. শ্বানমুখাম চেট্টীয়ে ৷ তেওঁ লেদাৰৰ এখন পৰ্টফলিঅ’ বেগত আনিছিল বাজেটৰ সকলো নথি ৷
  • 1956-1958 আৰু 1964-1666 চনত বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল টি.টি কৃষ্ণামাচাৰিয়ে ৷ তেওঁ এখন ফাইল বেগত আনিছিল বাজেটৰ সকলো নথি ৷
  • জৱাহৰলাল নেহৰুৱে 1958 চনত এখন ক’লা ব্ৰিফকেচত আনিছিল বাজেটৰ সকলো নথি-পত্ৰ ৷
  • 1970 চনৰ পাচৰ পৰাই প্ৰথমবাৰৰ বাবে বিত্তমন্ত্ৰী সকলো ব্যৱহাৰ কৰি আহিছিল ক্লাছিক হাৰ্ডটপ এটাচ্ কেচ ৷
  • যশোৱন্ত সিনহাই ব্যৱহাৰ কৰা বাজেট বেগটোৰ সাদৃশ্য আছিল ব্ৰিটেইনৰ চেঞ্চলৰে ব্যৱহাৰ কৰা ৰঙা বাজেট বক্সৰ সৈতে ৷ য’ত ব্যৱহাৰ কৰা হৈছিল কিছুমান ট্ৰেপ আৰু বাকল্ছ ৷
  • মনমোহন সিঙে ব্যৱহাৰ কৰিছিল উলিয়াম ইৱাৰ্ট গ্লেডষ্টনৰ লগত সামাঞ্জস্য থকা এখন ক’লা ৰঙৰ ব্ৰিফকেচ ৷
  • প্ৰণৱ মুখাৰ্জীয়ে ব্যৱহাৰ কৰিছিল চেৰি ৰঙা ৰঙৰ এটা বেগ ৷ যিটোৱে সকলোৰে দৃষ্টিৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল ৷
  • পি চিদাম্বৰামে ব্যৱহাৰ কৰিছিল প্লেন ব্ৰাউনৰ লগতে ৰেডিছ ব্ৰাউনৰ ব্ৰিফকেচ ৷
  • 2014 চনত বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ব্যৱহাৰ কৰিছিল ব্ৰাউন ৰঙৰ এখন ব্ৰিফকেচ আনহাতে 2017 চনত তেওঁ ব্যৱহাৰ কৰিছিল ডাৰ্ক ব্ৰাউন ৰঙৰ বেগ ৷
  • 2019 চনত অন্তৰ্ৱতীকালীন বাজেট উত্থাপন কৰিবলৈ পিয়ুচ গয়েলে ব্যৱহাৰ কৰিছিল ৰঙা ৰঙৰ এটা ব্ৰিফকেচ ৷

এতিয়া সকলোৰে দৃষ্টি থাকিব 5 জুলাইত নিৰ্মালা সীতাৰমণে লগত লৈ অহা বিশেষ ব্ৰিফকেচটোলৈ ৷

2019 বাজেটঃ ৰেড ব্ৰিফকেচৰ এক সুকীয়া ইতিহাস

ABOUT THE AUTHOR

...view details