নলবাৰী,১৭মে' : বোমা বিস্ফোৰণ, হত্যা-হিংসা বন্ধ কৰিবলৈ আলফালৈ মুকলি আহ্বান জুবিন গাৰ্গৰ । বৃহস্পতিবাৰে টিহুৰ হালধিবাৰীত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গে অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে । পূৰ্বে আলফাৰ লগত জুবিন গাৰ্গে যুঁজিছিল বুলি বিহুমেলাখনত মন্তব্য কৰি বৰ্তমানেও আলফাৰ লগত সু-সম্পৰ্ক থকাৰ কথা উল্লেখ কৰে । ইয়াৰ লগতে, পৰেশ বৰুৱাৰ লগত প্ৰায়ে জুবিন গাৰ্গে টেলিফোনিক বাৰ্তালাপ হোৱাৰ লগতে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গক পৰেশ বৰুৱাই ভনী হিচাপে লৈছে বুলিও মন্তব্য কৰে বিহুমেলাখনত । কিন্তু জুবিন গাৰ্গে ইয়াৰ পাছতো আলফালৈ কেৰেপ নকৰে বুলি বিহুমেলাত উল্লেখ কৰি কয়,"মই ঘেন্টাও খাতিৰ নকৰো আলফাক, হত্যা-হিংসা বন্ধ নকৰিলে পুনৰ আলফাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু মই " ।
জুবিনে খাতিৰ নকৰে আলফাক
টিহুৰ হালধিবাৰীত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি বোমা বিস্ফোৰণ, হত্যা-হিংসা বন্ধ কৰিবলৈ আলফালৈ মুকলি আহ্বান জুবিন গাৰ্গৰ
আলফাৰ বিৰুদ্ধে সৰৱ জুবিন গাৰ্গ
অসমত দহজন লোকক হত্যা কৰি নিজকে হিৰো বুলি ভবা কোনো লোককে সমৰ্থন নকৰে বুলি উল্লেখ কৰে জুবিন গাৰ্গে । শেহতীয়াকৈ বোমা বিস্ফোৰণত শিল্পী জাহ্নৱী শইকীয়াৰ নাম সাঙোৰ খাই পৰাত দুখ প্ৰকাশ কৰে জুবিনে । শিল্পীয়ে সদায় সন্ত্ৰাসবাদৰ বিৰুদ্ধে কাম কৰা উচিত বুলিও প্ৰকাশ কৰে জুবিনে । ইয়াৰোপৰিও অসমত আলফাৰ বাবে চিনেমা হ'ল বন্ধ হোৱা বুলি মন্তব্য কৰি টিহুত এটি চিনেমা হ'লৰ দাবী জনাই জুবিন গাৰ্গে ।
Last Updated : May 17, 2019, 1:20 PM IST