গুৱাহাটী,৩১মে' : ৰাজ্য কঁপাই যোৱা জু-ৰোড বিস্ফোৰণৰ লগত জড়িত মূল অভিযুক্ত জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক শুকুৰবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয় । তৃতীয় বাৰৰ বাবে আদালতত হাজিৰ কৰা হয় দুয়োজনকে । আৰক্ষীৰ তদন্ত শেষ নোহোৱাৰ বাবে পুনৰ চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মাত আদালতে প্ৰেৰণ কৰে জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক । এই চাৰি দিনত আৰক্ষীয়ে জব্দ কৰা অস্ত্ৰ-সস্ত্ৰ আৰু বিস্ফোৰণৰ ঘাটি কেনেকৈ ৰচনা কৰা হৈছিল সেই সম্পৰ্কত তদন্ত কৰিব আৰক্ষীয়ে ।
পুনৰ চাৰি দিনৰ জিম্মাত জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰু - বুদ্ধিজীৱী
জু-ৰোড বিস্ফোৰণৰ লগত জড়িত মূল অভিযুক্ত জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক তৃতীয় বাৰৰ বাবে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয়, পুনৰ চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মাত আদালতে প্ৰেৰণ কৰে জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক ৷
পুনৰ চাৰি দিনৰ জিম্মাত জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰু
ইফালে, এই বিস্ফোৰণ ঘটনাৰ লগত বুদ্ধিজীৱিকে ধৰি অধিক লোক আটক হোৱাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে ।